হোজাইত বিশিষ্ট নাগৰিক সকলৰ এক ব্যতিক্ৰমী অনুষ্ঠান

75

হোজাইত বিশিষ্ট নাগৰিক সকলৰ এক ব্যতিক্ৰমী অনুষ্ঠান

ছাদিকুজ জামান, মোৰাঝাৰ ১৯ ফেব্ৰুৱাৰী: হোজাইত বিশিষ্ট নাগৰিক সমাজৰ এখন মত-বিনিময় সভা বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হৈ যায় ৷ বিশিষ্ট সমাজ কৰ্মী নুৰ উদ্দিনৰ বাসগৃহত অনুষ্ঠিত হোৱা সভাত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰৌফ, অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মস্তাক আনফৰ ,সমাজ কৰ্মী ক্ৰমে- নুৰ উদ্দিন, হুছেইন আহমদ , নেৱাজ আহমেদ, ছৈয়দ শ্বাকিৰ হুছেইন, ছামছুল ইছলাম (তুতা মিঞা) , গিয়াছ উদ্দিন, ফয়জুল হক, আতিকুৰ ৰহমান, ব্যৱসায়ী আনোৱাৰ হুছেইন, মৌলানা গিয়াছ উদ্দিন, মৌলানা কলিম উদ্দিন, মৌলানা মুজিবুৰ ৰহমান, মতিউৰ ৰহমান, যুৱ সমাজ কৰ্মী – মুজিবুৰ ৰহমান, বাহাৰ খান,আকতাৰুল আলম (ৰানা) , আলী ৰাজা লস্কৰ, আব্দুল্লা আল কাদিৰ , ফিৰুজ আহমেদ লস্কৰ আৰু জমিয়তৰ আইনী কোষৰ সদস্য শ্বাহিদুল বাৰী (দ্বীপ) সহ বহু কেইজন ব্যক্তি এই মত বিনিময় অনুষ্ঠানত উপস্থিত আছিল ৷ উল্লেখ্য যে, অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মস্তাক আনফৰৰ আহ্বানত আয়োজিত সভাত গুৱাহাটীৰ পৰা আমন্ত্ৰিত অতিথি হিচাপে গণ অধিকাৰ কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰ , প্ৰাক্তন উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখ,অসম চিভিল ছ’চাইটিৰ মুখ্য সাংগঠনিক সম্পাদক ছৈয়দ মুস্তাক হুছেইন উপস্থিত থাকে ৷ উক্ত সভাত সাম্প্ৰতিক অসমৰ পৰিস্থিতি, বিগত সময়ছোৱাত এন আৰ চিৰ সময়ত ৰাজ্যৰ বিভিন্ন জিলাৰ দৰিদ্ৰ জনসাধাৰণে ভুগি অহা অসুবিধা, ডিটেনচন কেম্পত থকা ব্যক্তি সকলৰ দুৰৱস্থা আদি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় ৷ উল্লেখ্য যে, সভাত বিশেষকৈ অসমৰ পিছপৰা অঞ্চলৰ জাতি- ধৰ্ম, ভাষা- বৰ্ণ সকলো সম্প্ৰদায়ৰ লোকক যিকোনো ধৰণৰ সহায়, আইনী সহায়কে ধৰি বিভিন্ন ধৰণৰ আইনী সাহাৰ্য জমিয়তে কৰি যাব বুলি মৌলানা মস্তাক আনফৰে মত ব্যক্ত কৰে ৷ যদি কোনো বৈধ ভাৰতীয় নাগৰিকক কোনো কাৰণত অবৈধ বাবে ডি ভোটাৰ সজালে জমিয়তে আইনী সহায় – সহযোগিতা কৰি যাব ৷ বহু সময়ত অসমৰ বিভিন্ন প্ৰান্তত দৰিদ্ৰ লোকে প্ৰকৃত ন্যায় লাভৰ পৰা বঞ্চিত হৈ আহিছে ৷ আনফৰে লগতে কয়- আমি সকলো সময়তে দুৰ্ভোগীয়া ৰাইজক সহায় – সহযোগ কৰি যাম ৷ সভাত ৰাজ্যিক জমিয়তৰ সম্পাদক মৌলানা কলিম উদ্দিনে বিগত দিনৰ জমিয়তৰ কাম কাজ সমূহ আৰু অহা বিধানসভা নিৰ্বাচনত জমিয়তৰ ভূমিকা কি হ’ব ? সেই বিষয়সমূহ জমিয়তৰ পৰৱৰ্তী বৈঠকত স্পষ্ট কৰিব বুলি মন্তব্য কৰে ৷ এই সভাত দৈনিক গণ অধিকাৰৰ পৰিচালন সঞ্চালন ছাহজাহান তালুকদাৰ, মৌলানা আনফৰ, হাজী আব্দুৰ ৰৌফ সহ বিভিন্নজনে নিজৰ নিজৰ মতামত দাঙি ধৰে ৷ লগতে আগন্তক বিধানসভা নিৰ্বাচন সন্দৰ্ভতো বিশেষকৈ আলোচনা কৰা হয় ৷ উল্লেখ্য যে, এই আলোচনা সভাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হোজাই জিলা সভাপতি কফিল উদ্দিন বৰভুঞা, আজুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ছাদিকুজ জামান উপস্থিত থাকে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here