হোজাইৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ সাত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ

33

হোজাইৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ সাত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ

ছাদিকুজ জামান , মোৰাঝাৰ , ৩ মাৰ্চ- আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পোৱাৰ লগতে হোজাই বিধান সভা সমষ্টিত প্ৰধান বিৰোধী দল কংগ্ৰেছে তৎপৰতা প্ৰদৰ্শন কৰিছে । হোজাই বিধান সভা সমষ্টিৰ দলটোৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে কেবাজনো নেতা পালিনেতাই । ৯১ নং হোজাই বিধান সভা সমষ্টিতো সাত জনে কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰাৰ কথা জিলা সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু কুমাৰ দেয়ে প্ৰকাশ কৰে । হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু কুমাৰ দেয়ে এইবাৰ নিৰ্বাচন নেখেলাৰ কথা ইতিমধ্যে ঘোষণা কৰে । প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ ভিতৰত উচ্চ শিক্ষিত যুৱ নেতাই প্ৰাৰ্থী হবলৈ আগবাঢ়ি আহিছে । বিশেষকৈ উচ্চ শিক্ষিত শংকৰদেৱ জুনিয়ৰ কলেজৰ যুৱ প্ৰৱক্তা তথা সাংসদ প্ৰদ্যুত বৰদলৈৰ ঘনিষ্ঠ বুলি পৰিচিত সুপ্ৰতিম কৰে প্ৰাৰ্থী হবলৈ মন মেলিছে । পূৰ্বতে সূপ্ৰতিম কৰ এন এছ ইউ আই ,যুৱ কংগ্ৰেছক সমষ্টিটোত নেতৃত্ব দি আহিছে । যুৱ নেতা জন সকলো সম্প্ৰদায়ৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰাৰ চেষ্টাত অৱতীৰ্ণ হৈছে । ইপিনে , প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু দেৰ পুত্ৰ অনিৰুদ্ধ দে , যুৱ ব্যৱসায়ী তথা বিগত লক ডাউনৰ সময়ত সর্বসাধাৰণক বিশেষ ভাবে সহায় কৰাৰ উপৰিও বিভিন্ন সামাজিক কামত লিপ্ত তথা ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰা শিক্ষকৰ পুত্ৰ দেৱব্ৰত সাহা(দেবু সাহা), অৱসৰ প্ৰাপ্ত ডি আই জি কৃষ্ণ কুমাৰ শৰ্মা , মহিলা নেত্ৰী তথা প্ৰাক্তন জিলা পৰিষদৰ সদস্য ঝিলী চৌধূৰী, এ পি চি চিৰ সম্পাদক চিত্ত পাল ,ধলপুখুৰী ব্লক কংগ্ৰেছৰ সভাপতি শংকৰ মালাকাৰেও দলীয় প্ৰাৰ্থীত্বৰ বাবে মনোনয়ন দাখিল কৰে। বিজেপিৰ দখলত থকা হোজাই বিধানসভাৰ সমষ্টি পুনৰ উদ্ধাৰৰ বাবে কংগ্ৰেছ দলে তৎপৰতা প্ৰদৰ্শন কৰিলেও মহাজোটত অংশীদাৰী হৈ থকা এ আই ইউ ডি এফ ,চি পি আই, চি পি আই(এম),চি পি আই(এম এল) আৰু আঞ্চলিক গণ মৰ্চাৰে বুজাবুজিৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেয়া খাটাং। ইফালে কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাসী সকলৰ ভিতৰত বহুকেইজন প্ৰাৰ্থীক লৈ ইতিমধ্যে মহাজোটৰ মাজত অসন্তুষ্টি প্ৰকাশ কৰাৰ তথ্য পোহৰলৈ আহিছে । কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাসী সকলৰ অধিকাংশই মহাজোট মনপুত নোহোৱাত মহাজোটৰ অন্যতম অংশীদাৰ এ আই ইউ ডি এফ দলে হোজাই সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব দিয়াৰ কথা দলৰ ভিতৰ চৰ্চাত চিন্তা চৰ্চা কৰিছে । দলৰ একাংশ কৰ্মীয়ে হোজাই সমষ্টিত সকলো ভাষা ভাষী, সকলো ধৰ্মৰ লোকৰ মাজত বিশেষ জনপ্ৰিয় সু চিকিৎসক তথা প্ৰাক্তন বিধায়ক ডাঃ আদিত্য লাংথাচাক হোজাইৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে । চিকিৎসক জনে নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰা নাই যদিও দলীয় কৰ্মীয়ে হেঁচা আৰু কংগ্ৰেছ দলে সমষ্টিৰ দাবী ত্যাগ কৰিলে শেষ মুহূৰ্ত্বত হয়তো চিকিৎসক জনে মনোনয়ন দাখিল কৰিব পাৰে বুলি দলীয় সূত্ৰত প্ৰকাশ । ইফালে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাসী সকলক স্থানীয় তথা দলৰে একাংশৰ মনপুত নোহোৱাত হোজাইৰ সমাজকৰ্মী তথা পূৰ্বতে অগপ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰা কমল দত্তক কংগ্ৰেছ দলত যোগেদি হোজাইৰ পৰা দলীয় টিকট বিচাৰিবলৈ একাংশই দাবী জনাইছে । এই সন্দৰ্ভত দত্তই ৰাজহুৱা ভাবে কোনো মন্তব্য প্ৰকাশ কৰা নাই । ইফালে বিজেপিক প্ৰতিহত কৰিবলৈ মহাজোটৰ শীৰ্ষ নেতৃত্বই হোজাই বিধান সভা সমষ্টি সম্পৰ্কত যৌথ ভাৱে সিদ্বান্ত লব লাগিব বুলি দল কেইটাৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সকলে মত প্ৰকাশ কৰিছে।উল্লেখ কৰিব লাগিব পূৰ্বৰ তুলনাত বৰ্তমানৰ বিজেপি বিধায়কে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰি ৰাস্তা ঘাই,চিকিৎসালয়কে ধৰি বহু কাম কৰিবলৈ সক্ষম হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here