হোজাইৰ উদালী তিনিআলীত ভয়ংকৰ অগ্নিকাণ্ডত কেবালাখ টকাৰ সম্পত্তি ধ্বংস

23

হোজাইৰ উদালী তিনিআলীত ভয়ংকৰ অগ্নিকাণ্ডত কেবালাখ টকাৰ সম্পত্তি ধ্বংস

ষ্টাফ ৰিপৰ্টাৰ, ৩১ মাৰ্চঃ হোজাই জিলাৰ উদালী তিনিআলী বজাৰত যোৱা ৰাতি এক ভয়ংকৰ অগ্নি কাণ্ড সংঘঠিত হয়। অনুমান কৰামতে শৰ্ট চাৰ্কিটৰপৰা হোৱা এই অগ্নি কাণ্ডত কেবালক্ষাধিক সম্পত্তি ধ্বংস হয়। কেবাখনো দোকান জুইত জ্বলি ভস্মীভূত হয়। সুৰক্ষাৰ কোনো ব্যৱস্থা নোলোৱাকৈ কৰা বিদ্যুতৰ সংযোগৰ বিসংগতি ঘটি প্ৰায়ে অগ্নি কাণ্ডৰ সুত্ৰপাত হয়। ইফালে , দোকান সমুহ বীমা কৰা নহয় যাৰফলত মালিকসকল সম্পূৰ্ণ লোকচানৰ সন্মুখীন হৈছে।