আফগানিস্তান ক্ৰিকেট দলৰ অধিনায়ক ৰছিদ খানে এৰিলে অধিনায়কত্ব

39

আফগানিস্তান ক্ৰিকেট দলৰ অধিনায়ক ৰছিদ খানে এৰিলে অধিনায়কত্ব

ষ্টাফ ৰিপৰ্টাৰ ,দুৰ্নীতিৰ দৰ্পণ , ১১ চেপ্তেম্বৰঃ তালিবানক লৈ অসন্তুষ্ট ৰাছিদ খানে এৰিলে আফগানিস্তান ক্ৰিকেট দলৰ অধিনায়কত্ব । আই চি চি টি-২০ বিশ্বকাপৰ বাবে ১০ ছেপ্তেম্বৰত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে (এচিবি) নিজৰ দল ঘোষণা কৰাৰ কিছু সময় পিছতে ৰাছিদ খানে অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্তই চাঞ্চল্যৰ সৃষ্টি কৰিছে । আফগানিস্তান ক্ৰিকেট দলে এতিয়া টি-২০ বিশ্বকাপত মহম্মদ নবীৰ অধীনত খেলিব । আফগানিস্তানত পুৰুষৰ ক্ৰিকেটক তালিবানে সমৰ্থন কৰিব বুলি স্পষ্টভাৱে উল্লেখ কৰিছে যদিও ব’ৰ্ডৰ কাম-কাজক লৈ সন্তুষ্ট নহয় ৰাছিদ খান । ৰছিদ খানে তেওঁৰ পদৰ পৰা পদত্যাগ কৰি টুইটাৰত লিখিছে,‘দেশৰ এজন অধিনায়ক আৰু দায়িত্বশীল নাগৰিক হিচাপে দল নিৰ্বাচনৰ অংশ হোৱাটো মোৰ অধিকাৰ । এচিবি মিডিয়াৰ দ্বাৰা ঘোষণা কৰা দলটোৰ ক্ষেত্ৰত মোক একো সোধা হোৱা নাছিল । মই পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো । আফগানিস্তানৰ হৈ খেলাটো মোৰ বাবে সদায় গৌৰৱৰ বিষয়’। এচিবিৰ মুখপাত্ৰই ক্ৰিকবাজক কয়,‘ৰাছিদ খান দল নিৰ্বাচনক লৈ সুখী নাছিল । যেতিয়া তেওঁ দলটো দেখিছিল , তেওঁৰ খং উঠিছিল আৰু অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল । তেওঁ আৰু দলক নেতৃত্ব নিদিয়ে’। উল্লেখ্য যে , তালিবানে আফগানিস্তান দখল কৰাৰ পূৰ্বৰে পৰা ক্ৰিকেটাৰ ৰাছিদ খানে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে ।