গোলাঘাটত প্ৰথম বাৰ্ষিক জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন

169

গোলাঘাটত প্ৰথম বাৰ্ষিক জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ২৯ আগষ্ট : সুস্থ মন এটাৰ অধিকাৰী হ’বলৈ হ’লে সুস্থ নিৰোগী দেহ এটাৰো অধিকাৰী হ’ব লাগিব ৷ সেই মৰ্মে , সুস্থ তথা নিৰোগী দেহ এটাৰ অধিকাৰী হোৱাৰ ক্ষেত্ৰত যোগাসনে বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে ৷ সেই মৰ্মে , যোগাসনৰ পৰা দৈহিক লাভালাভৰ প্ৰতি সংগতি ৰাখি আজি যোগাসন ক্ৰীড়া সন্থা,গোলাঘাট জিলাৰ উদ্যোগত ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ৰালয়ৰ অনুমোদিত ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া মহাসংঘৰ স্বীকৃতিপ্ৰাপ্ত যোগাসন ক্ৰীড়া সন্থা , অসমৰ তত্বাৱধানত গোলাঘাট এমেচাৰ চ’ছাইটিৰ প্ৰেক্ষাগৃহত প্ৰথম বাৰ্ষিক জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতাখনি অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট যোগাসনৰ ক্ৰীড়া এচছিয়েশ্বনৰ সভাপতি দেৱজিৎ লাহন , গোলাঘাট জিলাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মা , অপূৰ্ব বল্লভ গোস্বামীৰ লগতে বিশিষ্ঠ লেখিকা হেমা চৌধুৰি , যোগাসনৰ শিক্ষক মনোৰঞ্জন শইকীয়া , ৰাজ্যিক ক্ৰীড়া যোগাসনৰ যুটীয়া সম্পাদক নলীন নাথ , সংগীত শিল্পী সঞ্জীৱনী বৰাৰ লগতে বহু সংখ্যক যোগাসন শিক্ষিৰ্থীৰ লগতে অভিভাৱক তথা গোলাঘাট বাসী ৰাইজ ৷ উক্ত ক্ৰীয়া অনুষ্ঠানটিত অৰিজিতা শইকীয়াই জিলা যোগ কুমাৰী ২০২১ হিচাপে আৰু ৰুপান্তৰ প্লাৱন বৰাই জিলা যোগকুমাৰ ২০২১ হিচাপে পুৰস্কাৰ লাভ কৰাৰ লগতে আন বহুতো শিক্ষাৰ্থীয়ে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি নানান পুৰস্কাৰ লাভ কৰে বুলি জানিব পৰা যায় ৷