গোলাঘাটৰ তুলেশ্বৰী বৰুৱা মইনাপাৰ হাইস্কুলত শাৰীৰিক প্ৰশিক্ষণৰ শুভাৰম্ভ

109

গোলাঘাটৰ তুলেশ্বৰী বৰুৱা মইনাপাৰ হাইস্কুলত শাৰীৰিক প্ৰশিক্ষণৰ শুভাৰম্ভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জানমনি দওৰ প্ৰতিবেদক , নুমলীগড় , ১৪ ছেপ্তেম্বৰত : গোলাঘাটৰ তুলেশ্বৰী বৰুৱা মইনাপাৰ হাইস্কুলত গোলাঘাট জিলা ক্ৰিয়া বিষয়াৰ কাৰ্যালয় আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কার্যালয়ৰ যুটীয়া উদ্যোগত গোলাঘাট জিলাৰ ২৭ খন খেল পথাৰত আৰক্ষীৰ বিভিন্ন পদৰ বাবে আবেদন কৰা নিবনুৱা যুৱকক শাৰীৰিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । মংগল বাৰে এই প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে । যুটীয়াভাবে কৰা প্ৰশিক্ষণৰ দ্বাৰা বিভিন্ন অঞ্চলৰ নিবনুৱা যুবক-যুবতী সকলক শাৰীৰিক প্ৰশিক্ষকৰ দ্বাৰা বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ দিয়া হব । আগন্তুক দিনত আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ যেনে অসম আৰক্ষী , অগ্নিনিৰ্বাপন সেৱা , সেনা বাহিনী আদিৰ বাবে শাৰীৰিকভাবে প্ৰস্তুত কৰোৱা হব । ইয়াৰ উপৰি শাৰীৰিক প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত ভিডিও যোগে সাধাৰণ জ্ঞান আৰু বৰ্তমানৰ ঘটনা বা তথ্য সম্পৰ্কেও জ্ঞান দিয়া হব বুলি জানিবলৈ দিছে বিষয়া সকলে ।