গোসাঁইগাঁওত ছিৰাজ মেমৰিয়াল ফুটবল: ভুমকা যুৱক ক্লাৱৰ বিজয়ী খিতাপ

139

গোসাঁইগাঁওত ছিৰাজ মেমৰিয়াল ফুটবল: ভুমকা যুৱক ক্লাৱৰ বিজয়ী খিতাপ

দুৰ্নীতিৰ দৰ্পণ সেৱা, মিজানুৰ ৰহমান, গোসাঁইগাঁও , ৩ অক্টোবৰ: জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে প্রতিবাৰৰ দৰে এই বেলিও ফ্ৰেণ্ডচিপ ক্লাৱ কাম লাইব্ৰেৰী নামৰ এক বেচৰকাৰী সংস্থাৰ উদ্যোগত এঘাৰতম ছিৰাজ মেমৰীয়াল ফুটবল টুৰ্ণামেন্ট হাৰাপুটাস্থিত বিদ্যা বিকাশ মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত কৰা হয়। মুঠ আঠ দল ক্ৰমে শ্ৰীৰামপুৰ এফ চি, গ্ৰীণ ভেলী এফ চি – গুৰুফেলা, ভুমকা যুৱক ক্লাৱ, ইউং ষ্টাৰ ক্লাৱ, কাইৰাবাগান তুফান এফচি, এন এন একাডেমী-অক্সিগুৰী, পলাশগুৰী নৱদল ক্লাৱ আৰু আব্দুল হাই একাডেমীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ ফাইনেল খেলখনত ভুমকা যুৱক ক্লাৱ আৰু কাইৰাবাগান তুফান এফচি’ৰ মাজত অনুষ্ঠিত হোৱা খেলখনত গোল শূন্য হৈ সমাপ্তি হোৱাত ট্ৰাইব্ৰেকাৰৰ সহায় লয়। ট্ৰাইব্ৰেকাৰত ভুমকা যুৱক ক্লাৱে ৬-৫ গোলৰ ব্যৱধানত কাইৰাবাগান তুফান এফচি’ক পৰাজিত প্ৰতিযোগিতাৰ বিজয়ী দল হিচাপে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। খেলখন পৰিচালনা কৰে মনোজ নাৰ্জাৰী, ইজৰাইল হেমব্ৰম, ইহুদিয়াছ ৰাভা, জগদীশ মুছাহাৰী আৰু তৈয়ব উদ্দিন প্ৰামানিকে। আনহাতে খেলৰ অন্তত বঁটা বিতৰণী সভাত ভাওৰাগুৰী বিন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল আজিজ খান মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গোসাঁইগাওঁ ক্ৰীড়া সন্থাৰ ৰেফাৰী বোৰ্ডৰ সভাপতি কামাখ্যা মুছাহাৰী, গুৰুফেলা হাইস্কুলৰ সহকাৰী শিক্ষক আব্দুল ৰৌফ খান, আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মাজাহাৰুল ইছলাম প্ৰমুখ্যে কৰি ভালে কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে। ছিৰাজ উদ্দীন শ্বেখৰ পুত্ৰ খলিল উদ্দিনে বিজয়ী দলক বঁটা বিতৰণ কৰাৰ লগতে ৰানাৰ্ছ আপ দলক বঁটা বিতৰণ কৰে অধ্যক্ষ আব্দুল আজিজ খানে। উল্লেখ্য যে , কাইৰাবাগান তুফান এফচি’ দলৰ খেলুৱৈ ৰবিনছন হেমব্ৰমক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচন কৰা হয় বুলি ফ্ৰেণ্ডচিপ ক্লাৱ কাম লাইব্ৰেৰী নামৰ বেচৰকাৰী সংস্থাটোৰ সভাপতি সহিদুল ইছলাম আৰু সাধাৰণ সম্পাদক আব্দুৰ ৰহিম শ্বেখে জানিব দিয়ে।