চাউথ এছিয়ান গেইমছত ভাৰতীয় ভলীবল দলত স্থান লাভ বটদ্ৰৱাৰ আলীটাঙনিৰ ক্ষুদ্ৰ ব্যৱসায়ী আজমল কবিৰ

132

চাউথ এছিয়ান গেইমছত ভাৰতীয় ভলীবল দলত স্থান লাভ বটদ্ৰৱাৰ আলীটাঙনিৰ ক্ষুদ্ৰ ব্যৱসায়ী আজমল কবিৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা, বটদ্ৰৱা,২৫ অক্টোবৰ : আৰ্থিক অনাটনে যে কোনো প্ৰতিভাক বান্ধি ৰাখিব নোৱাৰে এই কথা পুনৰবাৰ প্ৰমাণ হল বটদ্ৰৱাৰ আলীটাঙনিত। আলীটাঙনিৰ ক্ষুদ্ৰ ব্যৱসায়ী তথা উদীয়মান খেলুৱৈ আজমল কবিৰে স্থান লাভ কৰিবলৈ সক্ষম হল ভাৰতীয় ভলীবল দলত। অহা ৩০ অক্টোবৰৰ পৰা নেপালত অনুষ্ঠিত হব লগীয়া চাউথ এছিয়ান গেইম্ছত ভাৰতীয় দলৰ হৈ প্ৰতিদ্বন্দিতা কৰিবলৈ ইতিমধ্যে আজি যাত্ৰা কৰিছে নেপাললৈ। আলিটাঙনীৰ অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰয়াত মৌলানা আব্দুছ সাহিদৰ কনিষ্ঠ পুত্ৰ আজমল কবিৰৰ এই সফলতাৰ বাবে গৌৰাম্বিত বৃহত্তৰ আলীটাঙনি অঞ্চল। নগাঁও জিলাৰ অসমৰ এক ভিতৰুৱা সংখ্যলঘু অঞ্চল আলীটাঙনি।স্বৰ্ন কণ্যা হীমা দাসৰ জন্মস্থান ধিঙৰ কাষৰীয়া অঞ্চলৰ পৰা পুনৰ আন এজন খেলুৱৈয়ে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিৰ্বাচিত হোৱাত আজি আলীটাঙনি চাৰিআলিত স্থানীয় ব্যৱসায়ী সন্থাৰ সভাপতি আব্দুল খালেক, বটদ্ৰৱা সাংবাদিক সন্থাৰ হৈ সাধাৰণ সম্পাদক মাজিদুল ইছলাম, আলিটাঙনী আমছুৰ হৈ মিজানুৰ ৰহমানৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানটিত আলীটাঙনি চাৰিআলি স্থানীয় ব্যৱসায়ী সন্থা সম্পাদক আজাহাৰুল আলম,সাংবাদিক মুস্তাফা চালিম আহমেদ, আলিটাঙনী হাইস্কুলৰ প্ৰধান শিক্ষক আবুল বাসাৰ মাহমুদ,আমছুৰ নেতা ছাজাহান আলী উপস্থিত থাকে।