জামুগুৰি বৰমতা মিলন যুৱক সংঘৰ উদ্যোগত প্ৰাইজমানি ফাইনেল ফুটবল প্ৰতিযোগিতাত বিধায়ক পদ্ম হাজৰিকাৰ বটাঁ বিতঁৰণ, খেলৰ উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ আস্বাস বিধায়ক পদ্ম হাজৰিকাৰ

429

জামুগুৰি বৰমতা মিলন যুৱক সংঘৰ উদ্যোগত প্ৰাইজমানি ফাইনেল ফুটবল প্ৰতিযোগিতাত বিধায়ক পদ্ম হাজৰিকাৰ বটাঁ বিতঁৰণ, খেলৰ উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ আস্বাস বিধায়ক পদ্ম হাজৰিকাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৫ চেপ্তেম্বৰঃ গ্ৰামাঞ্চলত সকলোৰে প্ৰতিভা সমুহ লুকাই আছে ৷ এনেধৰণৰ খেলৰ পৰিৱেশে প্ৰতিভা সমুহ উলিয়াই অনাত সহায়ক হ’ব ৷ এই পিছপৰা অঞ্চলত এনেদৰে খেলৰ পৰিৱেশ ৰচনা কৰা বাৱে মই উদ্যোক্তা সকলক ধন্যৱাদ জ্ঞাপন কৰিছোঁ ৷ ভৱিষৎতে এই অঞ্চলত এই খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰু উপযুক্ত প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিম বুলি মন্তৱ্য কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ দেওবাৰে জামুগুৰিহাটৰ অন্তৰ্গত বৰমতা খেলপথাৰত বৰমতা মিলন যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত এখন প্ৰাইজমানি ফাইনেল ফুটবল প্ৰতিযোগিতাখনিত মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰাৰ লগতে দুয়ো ফুটবল দলক বটাঁ বিতঁৰণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়ক গৰাকীয়ে নেপালী সম্প্ৰদায়ৰ পৰম্পৰাগত খাদ্যৰ সুৱাদ লৈ উক্ত ফাইনেল ফুটবল খেলখন উপভোগ কৰে । ফুটবল প্ৰতিযোগিতাখনিত ট্ৰাইবেকাৰৰ জৰিয়তে লক্ষৰা ৱাৰিঅৰ ফুটবল দলে ২ নং বুঢ়াগাওঁ দলক ১-০ গ’লত পৰাজিত কৰে ৷ দক্ষিণ মূঢ়াদল গাওঁ পঞ্চায়তৰ সভাপতি দিলিপ সেনাপতিৰ সভাপতিত্বত অনুষ্ঠিত বটাঁ বিতৰণি সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষক সমাজকৰ্মী নিতুমনি বৰা, মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি ৷ পুৱাই উক্ত খেলপথাৰত এক বৃক্ষ ৰূপণ কাৰ্য্যসূচীও সম্পন্ন কৰে ।