টকিঅ’ অলিম্পিকঃ ছেমি ফাইনেলত স্তব্ধ ভাৰতীয় মহিলা হকী দলৰ জয় যাত্ৰা

103

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৪ আগষ্ট : প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ছেমি ফাইনেল পৰ্যায়ত প্ৰৱেশ কৰি ইতিহাস ৰচা ভাৰতীয় মহিলা হকী দলটো থমকিব লগীয়া হ’ল বুধবাৰৰ ছেমি ফাইনেল খেলখনত ৷ টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হয় ভাৰতীয় মহিলা হকী দল। আৰ্জেণ্টিনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়ায়ো অৱশেষত ২-১ গ’লত হাৰ মানিব লগা হ’ল ৰাণী ৰামপাল নেতৃত্বধীন দলটোৱে । এতিয়া ভাৰতীয় দলটোৱে ৬ আগষ্টত ব্ৰঞ্জৰ পদকৰ বাবে গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব । কোৱাৰ্টাৰ ফাইনেলত ভাৰতে প্ৰৱল প্ৰতাপী অষ্ট্ৰেলিয়াক ১-০ গ’লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল । মহিলা দলটোৱে মাত্ৰ তৃতীয়বাৰৰ বাবে অলিম্পিকত প্ৰতিদ্বন্দিতা কৰিছিল । দলটোৱে ২০১৬ ৰিঅ’ অলিম্পিকত দ্বাদশ স্থান লাভ কৰিছিল। তাৰ পূৰ্বে ১৯৮০ চনত দলটো চতুৰ্থ স্থানত আছিল অলিম্পিকত ।