টকিঅ’ অলিম্পিকঃ মল্লযুঁজৰ ৮৬ কেজিৰ শাখাত চীনৰ প্ৰতিদ্বন্দীক পৰাভূত কৰিলে দীপক পুণিয়াই

114

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , ৪ আগষ্ট : টকিঅ’ অলিম্পিকত মল্লযুঁজৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতৰ মল্লযোদ্ধা দীপক পুণিয়াই। কোৱাৰ্টাৰ ফাইনেলত ৩/৬ পইণ্টৰ ব্যৱধানত চীনৰ প্ৰতিদ্বন্দীক পৰাভূত কৰি ছেমি ফাইনেলত প্ৰৱেশৰ পথ প্ৰশস্ত কৰে ভাৰতৰ মল্লযোদ্ধাগৰাকীয়ে । টকিঅ’ অলিম্পিকত মল্লযুঁজত পুৰুষৰ ফ্ৰীষ্টাইল ৮৬ কেজিৰ শাখাত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই পুণিয়াই চীনৰ প্ৰতিদ্বন্দী লিন জুছেনক পৰাস্ত কৰে । ইয়াৰ পূৰ্বে ৮৬ কেজিৰ শাখাত পুনিয়াই প্ৰাক্তন আফ্ৰিকান চেম্পিয়ন তথা নাইজেৰিয়াৰ মল্লযোদ্ধা একেৰেকেম এগিঅম’ৰক পৰাস্ত কৰিছিল । সেই সময়ত পুণিয়াই আঘাতপ্ৰাপ্ত অৱস্থাৰে প্ৰতিয়োগিতাত নামিছিল। আনহাতে, একেৰেকেমে আফ্ৰিকান মল্লযুঁজ চেম্পিয়নশ্বিপত তিনিটা পদক লাভ কৰিছে । তেওঁ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা দেশৰ পঞ্চমগৰাকী মল্লযোদ্ধা । প্ৰথম অৱস্থাত, পুণিয়াই ২ পইণ্টৰ সৈতে প্ৰাৰম্ভিক অগ্ৰগতি লাভ কৰে আৰু শেষত ৪/১ পইণ্টৰ ব্যৱধানত প্ৰথম অৱস্থাত বিজয়ৰ পূৰ্ণ সম্ভাৱনা প্ৰকট কৰে । পুণিয়াই শেষৰ সময়ছোৱাত ভাল প্ৰদৰ্শন আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল । অৱশেষত ১২/১ পইণ্টৰ ব্যৱধানত বিজয়ী হয় ভাৰতীয় মল্লযোদ্ধাগৰাকী। আনহাতে, কোৱাৰ্টাৰ ফাইনেলত ৫৭ কেজিৰ শাখাত ভাৰতৰ ৰবি কুমাৰ দহিয়াও বিজয়ী হৈছে । ৰবি কুমাৰ দহিয়া আৰু দীপক পুণিয়াই ছেমি ফাইনেলত প্ৰৱেশ নিশ্চিত কৰিছে।