টকিঅ’ অলিম্পিক: বেলাৰুচৰ খেলুৱৈৰ হাতত পৰাজিত ভাৰতৰ অংশু মালিক

126

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৪ আগষ্ট : টকিঅ’ অলিম্পিকৰ আৰম্ভণিৰ ৰাউণ্ডতে পৰাজয়ৰ মুখ দেখিলে ভাৰতীয় মল্লযোদ্ধা অংশু মালিকে। মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কেজি ইভেণ্টত ইউৰোপীয়ন চেম্পিয়ন ইৰিনা কুৰাচকিনাৰ হাতত পৰাজিত হয় অংশু মালিক । খেলৰ প্ৰথম ভাগৰ পৰাই বেলাৰুচৰ খেলুৱৈ গৰাকীয়ে মেটত নিজৰ আধিপত্য দেখুৱাইছিল আৰু প্ৰথম পিৰিয়ডত ৪-০ পইণ্টত অগ্ৰগতি লাভ কৰিছিল । আনকি ভাৰতীয় মল্লযোদ্ধা অংশু মালিকক কোনো সুযোগে দিয়া নাছিল বেলাৰুচৰ তৃতীয় শ্ৰেণীৰ খেলুৱৈগৰাকীয়ে । অৱশ্যে দ্বিতীয় পিৰিয়ডত মালিকে কিছু ভাল প্ৰদৰ্শন দেখুৱাইছিল আৰু দুই পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হয় । কিন্তু পিছলৈ ৮-২ পইণ্টত বেলাৰুচৰ খেলুৱৈগৰাকীয়ে আকৰ্ষণীয়ভাৱে খেল খন নিজৰ হাতলৈ আনিবলৈ সক্ষম হয়। অংশু মালিকৰ পৰাজয়ে কিছু পৰিমাণে নিৰাশ কৰা দেখা গৈছে ভাৰতীয় শিবিৰক । কিয়নো এছিয়ান চেম্পিয়ন মালিকে বিগত বিশ্বকাপত ৰূপৰ পদক অৰ্জন কৰিছিল আৰু অলিম্পিকৰ বাবে তেওঁৰ ওপৰত যথেষ্ট আশা কৰা হৈছিল। অৱশ্যে এতিয়াও কেইবাগৰাকী খেলুৱৈয়ে তেওঁলোকৰ নিজৰ নিজৰ শিতানৰ বাবে আগবাঢ়িছে। আশা কৰা মতে মল্লযোদ্ধাসকলৰ এজনে হ’লেও দেশৰ বাবে পদক আনিবলৈ সক্ষম হ’ব।