টি ২০ চিৰিজৰ চতুৰ্থ মেচত বাংলাদেশক পৰাজিত কৰিলে আষ্ট্ৰেলিয়া 

82
টি ২০ চিৰিজৰ চতুৰ্থ মেচত বাংলাদেশক পৰাজিত কৰিলে আষ্ট্ৰেলিয়া
ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৭ আগষ্টঃ টি ২০ চিৰিজৰ চতুৰ্থ মেচত আহি অৱশেষত বাংলাদেশক পৰাজিত কৰিবলৈ সক্ষম হ’ল অষ্ট্ৰেলিয়া । শনিবাৰৰ মেচত বাংলাদেশক তিনি উইকেটত পৰাজিত কৰিছে ম্যাথু এৱেভেৰ দলে । পাঁচ মেচৰ টি ২০ চিৰিজৰ প্ৰথম তিনি মেচ জয়ত চিৰিজ এনেই বাংলাদেশৰ পকেটত গুচি গৈছিল । বাকি দুটা মেচ আছিল অষ্ট্ৰেলিয়াৰ ওচৰত আত্মসন্মান ৰক্ষাৰ যুঁজ । অৱশেষত অষ্ট্ৰেলিয়া চতুৰ্থ মেচত জয়লাভ কৰি সন্মান ৰক্ষা কৰিলে । শনিবাৰে টচত জয়ী হৈ প্ৰথম ব্যাটিং কৰিছিল বাংলাদেশৰ অধিনায়ক মাহমুদুল্লা । কিন্তু অ্যান্ড্ৰু টাই (৩/১৮) আৰু মিচেল সোয়েপসনৰ (৩/১২)বলিংৰ সন্মুখত কাগজৰ ঘৰৰ দৰে ভাঙি পৰে বাংলাদেশৰ ব্যাটিং । সৰ্বোচ্চ ৰাণ কৰিছে মহম্মদ নয়েমে । ৩৬ বলত ২৮ ৰাণ কৰে তেওঁ । মাহমুদুল্লা শূণ্য ৰাণত আউট হয় । নিৰ্ধাৰিত অভাৰত ৯ উইকেট হেৰুৱাই ১০৪ লৈ ওঠে বাংলাদেশ । অষ্ট্ৰেলিয়াও ভাল ৰাণ কৰিব পৰা নাই । মুস্তাফিজুৰ ৰহমান আৰু মেহেদি হাসানে ভালেই চাপত পেলাইছিল অষ্ট্ৰেলিয়াক । কিন্তু ড্যান ক্ৰিষ্টিয়ান (৩৯) আৰু শেষৰ দিশত আ্যাশটন আগাৰৰ (২৭)ইনিংছৰ শেষত বাংলাদেশক পৰাজিত কৰিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়া ।