তামুলপুৰৰ কচুবাৰীত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন

95

তামুলপুৰৰ কচুবাৰীত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ২৯ আগষ্টঃ বাক্সা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু তামুলপুৰ জিলা ক্ৰীড়া সন্থা আৰু কচুবাৰী ক্ৰীড়া কেন্দ্ৰৰ সহযোগত তামুলপুৰ মহকুমাৰ অন্তৰ্গত কচুবাৰী হাইস্কুল খেল পথাৰত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় । কাৰ্যসূচী অনুসৰি , আজি পুৱা ক্ৰীড়া ভাৰতীৰ পতাকা উত্তোলন কৰে বাক্সা জিলা ক্ৰীড়া ভাৰতীৰ সভাপতি ৰঞ্জন কুমাৰ দাসে । ৰাষ্ট্ৰীয় খেলুৱৈ ধ্যান চান্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ নাথ দাসে । ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আবেলি এখন খো খো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাখন উদ্বোধন কৰে তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেবেন বড়োই । চুৃড়ান্ত খেলখন তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ দল আৰু কচুবাৰী ক্ৰীড়া কেন্দ্ৰৰ দলৰ মাজত অনুষ্ঠিত হয়। খেলখনত কচুবাৰী ক্ৰীড়া কেন্দ্ৰই তামুলপুৰ জিলা ক্ৰীড়া সন্থাক তিনি পইন্টৰ ব্যৱধানত পৰাস্ত কৰি চুড়ান্ত সন্মান লাভ কৰে । কচুবাৰী ক্ৰীড়া কেন্দ্ৰই ১৫ আৰু তামুলপুৰ জিলা ক্ৰীড়া সন্থাই ১২ পইন্ট লাভ কৰে। বিজয়ী আৰু বিজেতা দলক বটা সমূহ প্ৰদান কৰে তামুলপুৰৰ প্ৰতিদিনৰ সংবাদ দাতা চক্ৰেশ্বৰ ডেকা আৰু সমাজকৰ্মী নাৰায়ন দাসে।