দৰঙাজুলি পৰিষদীয় সমষ্টিৰ আমবাৰী সৰুভেৰাত তামুলপুৰৰ প্ৰয়াত বিধায়ক লেহোৰাম বড়ো সোৱৰণী প্ৰাইজমানী ফুটবল সম্পন্ন

87

দৰঙাজুলি পৰিষদীয় সমষ্টিৰ আমবাৰী সৰুভেৰাত তামুলপুৰৰ প্ৰয়াত বিধায়ক লেহোৰাম বড়ো সোৱৰণী প্ৰাইজমানী ফুটবল সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ১৫ চেপ্তম্বৰঃ যোৱা ৯ চেপ্তম্বৰৰ পৰা দৰঙাজুলি পৰিষদীয় সমষ্টিৰ আমবাৰী সৰুভেৰাত তামুলপুৰ জিলা যুৱ ইউপিপিএল আৰু দৰঙাজুলি যুৱ ইউপিপিএল উদ্যোগত আযোজন কৰা তামুলপুৰৰ প্ৰয়াত বিধায়ক লেহো ৰাম বড়ো সোৱৰণী প্ৰাইজমানী ফুটবল খেলখন ১৪ চেপ্তম্বৰত চুড়ান্ত খেলখন অনুষ্ঠিত কৰা হয় । চুড়ান্ত খেলখনৰ প্ৰথম খিতাপ অৰ্জন কৰে ১ নং দক্ষিণ কুমাৰীকাটা ভিচিডিচিৰ এ টিময়ে আৰু ১নং দক্ষিণ কুমাৰীকাটা ভিচিডিচিৰ বি টিমে দ্বিতীয় খিতাপ অৰ্জন কৰে । শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে জলেন বড়োৱে । উক্ত চুড়ান্ত খেলখনৰ শুভাৰম্ভণী কৰে বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই লগতে কাৰ্য্যবাহী সদস্য গৰাকীক সংগ দিয়ে প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, ইউপিপিএল দলৰ উপ-সভাপতি ৰাফেল দৈমাৰী, ইউপিপিএল দলৰ সম্পাদক মুজিৱ আলী আহমেদ, ইউপিপিএল দলৰ সাংগঠনিক সম্পাদক ইমানুৱেল মুৰ্মু, সমাজসেৱক কান্তেশ্বৰ বৰগয়াৰী,সমাজসেৱক ডঃবিনোদ বড়ো, তামুলপুৰ জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক তথা দৰঙাজুলি টিচিএলচিচিৰ অধ্যক্ষ ফুনিন্দ্ৰ নাৰ্জাৰী,তামুলপুৰ জিলা যুৱ ইউপিপিএলৰ সাধাৰণ সম্পাদক নাগেশ্বৰ ৰাভা ,দৰঙাজুলি ব্লক ইউপিপিএলৰ সভাপতি কমলেশ্বৰ বসুমতাৰী, উপ-সভাপতি জলেন দৈমাৰী, সাধাৰণ সম্পাদক প্ৰবিণ বড়ো,দৰঙাজুলি যুৱ ইউপিপিএলৰ সভাপতি তাৰা ৰামচিয়াৰী লগতে কেইবাগৰাকী ভিচিডিচিৰ অধ্যক্ষ ,উপাধ্যক্ষ উপৰিও বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সকলে অংশগ্ৰহণ কৰে । শেষত চুড়ান্ত বিজয়ী দলটিক বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই নগদ ধনসহ পুৰস্কাৰ প্ৰদান কৰে । দ্বিতীয় দলটিক মুজিৱ আলী আহমেদ আৰু ৰাফেল দৈমাৰীয়ে নগদ ধনসহ পুৰষ্কাৰ প্ৰদান কৰে ।