বাঘবৰৰ মাণিকপুৰ ছান ক্লাবৰ পঞ্চম বাৰ্ষিক অধিৱেশন সম্পন্ন
প্ৰতিবেদক মনজিৎ দাস , হাউলী , ১৯ ফেব্ৰুৱাৰীঃ বৰপেটা জিলাৰ ৪৫ নং বাঘবৰ বিধানসভা সমষ্টিৰ মাণিকপুৰ ক্লাবৰ পঞ্চম বাৰ্ষিক অধিৱেশন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় । উল্লেখ্য যে,দক্ষিণ বৰপেটা অঞ্চলৰ অগ্ৰণী ক্লাব হিচাপে পৰিচিতি লাভ কৰা মাণিকপুৰ ছান ক্লাবৰ পঞ্চম বাৰ্ষিক অধিৱেশন ৰোৱা ১৭ আৰু ১৮ ফ্ৰেব্ৰুৱাৰীত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে পালন কৰা হয় । উক্ত ক্লাবৰ সভাপতি ইউছুব আলীয়ে ১৭ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাত পতাকা উত্তোলনেৰে অধিবেশনৰ শুভাৰম্ভ কৰা অধিৱেশনত ল’ৰা ছোৱালীৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়।একে দৰে ১৮ ফ্ৰেব্ৰুৱাৰীত ক্ৰমে পুৱা মাৰাথান দৌৰ,কুইজ, কবিতা,তৰ্ক আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । আবেলি ৩ বজাত ইউছুব আলীৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি আৰু বঁটা বিতৰণী সভাত কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা ৰেডিয়েঞ্চ একাডেমীৰ সঞ্চালক আব্দুল হালিম আহমেদে মুখ্য অতিথি,পশ্চিম মন্দিয়া সমবায় সমিতিৰ সভাপতি আয়নাল হকে বিশিষ্ট অতিথি,৪৫ নং বাঘবৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী সহায়ক আবেদ আলীয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মূল্যবান বক্তব্য প্ৰদান কৰে । সন্ধিয়া ৮ বজাত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় ।