বাৰ্চিলোনা ক্লাবৰ পৰা বিদায় ল’ব মেছিয়ে

113

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৬ আগষ্টঃ বাৰ্চিলোনা ক্লাবে বৃহস্পতিবাৰে ঘোষণা কৰে যে , লিঅ’নেল মেছি আৰু ক্লাবৰ সৈতে জড়িত হৈ নাথাকিব । উক্ত বিষয় সন্দৰ্ভত বাৰ্চিলোনাই এক বিবৃতিযোগে জনাইছিল যে , “মেছিৰ বাবে এখন নতুন চুক্তিৰ তৈয়াৰ কৰা হৈছিল , কিন্তু বিত্তীয় অসুবিধাৰ বাবে খেলুৱৈ গৰাকীক ক্লাবৰ সৈতে জড়িত কৰি ৰখাটো অসম্ভৱ হৈ পৰিছে । এই পৰিস্থিতিৰ ফলস্বৰূপে , মেছি আৰু এফ চি বাৰ্চিলোনা ক্লাবৰ সৈতে জড়িত হৈ নাথাকিব ।”  ইপিনে , ২০১৭ চনত বাৰ্চিলোনা ক্লাবৰ চুক্তি স্বাক্ষৰিত কৰা মেছিয়ে প্ৰতিটো ছিজনত ১৬ কোটি ৩০ লাখ টকাকৈ উপাৰ্জন কৰিছিল বুলি ক্লাবটোৱে জানিবলৈ দিয়ে । মেছিয়ে ১৭ টা ছিজনত ৩৫ টা খিতাপ অৰ্জন কৰাৰ অন্তত কাতালান ক্লাবৰ পৰা বিদায় ল’ব । তেওঁ ক্লাবটোক ৪ বাৰ চেম্পিয়নছ লীগ , ১০ বাৰ স্পেনিছ লীগ , ৭ বাৰ ক’পা ডেল ৰে আৰু ৮ বাৰ স্পেনিছ চুপাৰ কাপ জিকাত সহায় কৰিছিল । ক্লাবটোৰ সৈতে থাকোঁতে, মেছিয়ে বিশ্বৰ শীৰ্ষ খেলুৱৈ হিচাপে অভিলেখ ৬ টা  বেলন ডি’অৰ বঁটা অৰ্জন কৰিছিল । তেওঁ ৭৭৮ খন খেলত ৬৭২ টা গ’ল দিয়া দলটোৰ সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ । লগতে , ৫২০ খন খেলত ৪৭৪ টা গ’লৰ সৈতে স্পেনিছ লীগৰ শীৰ্ষ ফুটবল খেলুৱৈ হিচাপে বিবেচিত হৈছে । মেছিয়ে ১৩ বছৰ বয়সতে বাৰ্চিলোনাত উপস্থিত হৈছিল , যেতিয়া তেওঁ আৰু তেওঁৰ পৰিয়ালে বাৰ্চিলোনাৰ যুৱ একাডেমীত যোগ্যতা অর্জন কৰিবলৈ স্পেইনলৈ আহিছিল । তেওঁ ২০০৪ চনৰ ১৬ অক্টোবৰত আনুষ্ঠানিকভাৱে দলটোৰ সৈতে আত্ম প্ৰকাশ কৰিছিল ।