বিশ্বনাথ টাউন ক্লাবৰ দ্বি-বাৰ্ষিক সভা সম্পন্ন

38

বিশ্বনাথ টাউন ক্লাবৰ দ্বি-বাৰ্ষিক সভা সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথঃ ইং ৭ মাৰ্চ ৰবিবাবে বিশ্বনাথ চাৰিআলি টাউন ক্লাবৰ এখন দ্বিবাৰ্ষিকৰ সভা টাউন ক্লাবৰ নিজা ক্ৰীয়া পথাৰতে বিয়লি ৩’০০ বজাত সভাপতি তৰুন শইকীয়া দেৱৰ সভাপতিত্বত অনুস্থিত হৈ যায় ৷সম্পাদক তৰুণ বৰাই আঁত ধৰা সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ পিচতে সভাপতিৰ নিৰ্দেশ ক্ৰমে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে ৷সম্পাদকীয় প্ৰতিবেদনত আয়-ব্যয় হিচাব সন্দৰ্ভত দূৰ্গেশ্বৰ শইকীয়া,প্ৰতাপ শইকীয়া,ৰাজেন দাস আৰু ৰাতুল শইকীয়াই বক্তব্য ৰাখে ৷ইয়াৰ পিচতে হিচাব পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰা হয় ৷ আজিৰ সভা খন সংবিধানিক আৰু সময় মতে অনুস্থিত কৰিব নোৱাৰাৰ কাৰণে অলপতে হৈ যোৱা কৰোনা মহামাৰীৰ বাবেই পিচুবাই অনুস্থিত কৰা হ’ল বুলি সম্পাদকে জানিবলৈ দি দুঃখ প্ৰকাশ কৰে ৷ ইয়াৰ পিচতে সভাপতিয়ে নিজৰ কাৰ্য্যকাল শেষ হোৱাত সভাপতি পদৰ পৰা ইস্তফা দিয়ে আৰু নতুন কমিটি গঠন কৰিবলৈ সভাক অনুৰোধ জনায় ৷আগন্তুক বহু কামৰ বাবে লক্ষৰাখি পুৰনা কমিটি খনকে বাহাল ৰাখিব লাগে বুলি ৰাজেন দাস আৰু হেৰেম্ব হাজৰিকাই প্ৰস্তাৱ ৰাখে যদিও সম্পাদক তৰুন বৰাই কিছু আপত্তি দৰ্শোৱাত কমিটি খনৰ কাৰ্য্যকাল দুবছৰৰ পৰিবৰ্তে পুনৰ এবছৰ চলাই নিবলৈ সভায় অনুৰোধ কৰে ৷ আজিৰ সভাত পুনৰকৈ উপদেষ্টা হিচাবে ৰখা হয় পীতাম্বৰ কোচ, দূৰ্গেশ্বৰ শইকীয়া, পদো হাজৰিকা, জগৎ শইকীয়া , যোগেন শৰ্মা আৰু হৰেন ভাগৱতীক ৷ সম্পাদকৰ সহায়ক হোৱাৰ বাবে আজিৰ সভাত সহকাৰী সম্পাদক হিচাবে প্ৰতাপ শইকীয়া আৰু গিৰিশ বৰাক সভাই নিৰ্বাচিত কৰি ১৬ জন সদস্যৰে কাৰ্য্যনিৰ্বাহক কমিটি খন গঠন কৰে ৷ এই কমিটি খনৰ পৰাই বিশ্বনাথ টাউন ক্লাবৰ সংৰক্ষিত প্ৰায় ৫৫ বিঘা মাটি নিজা নামত সংৰক্ষিত হৈ থকাত সভাই সন্তোষ প্ৰকাশ কৰে ৷ আজিৰ সভাতে সংৰক্ষিত মাটিৰ চাৰিও ফালে পকী বেৰা দিয়াৰ ব্যৱস্থাৰ বাবে নৱাগত বিধায়কক লগ ধৰি প্ৰস্তাৱ প্ৰেৰন কৰিব লাগে বুলি সভায় মত প্ৰকাশ কৰে ৷প্ৰাক্তন বিধায়ক প্ৰমোদ বৰঠাকুৰ দেৱে নগদ ২’৫০ লাখ টকা চৰকাৰী আৱন্টন দিয়াত সভায় শলাগ লয় আৰু বৰ্তমান কমিটিৰ সদস্য সকলৰ দান বৰঙনিৰে কাৰ্য্যলয় গৃহ নিৰ্মান হোৱাত সভায় সন্তুষ্টি প্ৰকাশ কৰে ৷ ভৱিষ্যতে এই খেল পথাৰতে গ্ৰাম্য ক্ৰীয়াৰ খেল সমূহ অনুস্থিত কৰিবৰ বাবে বিশ্বনাথ মহকুমাৰ অন্তৰ্গত গাও সমূহক জনাবলৈ আজিৰ সভাই পৰামৰ্শ আগ বঢ়ায় আৰু ক্লাব ফুটবল আৰু ক্ৰীকেট খেল নতুন প্ৰজন্মৰ বাবে মৈদাম খন উপযুক্ত হৈ থকাত মুকলি কৰি দিয়াত কমিটি খনৰ সভাই শলাগ যাচে ৷