বেডমিণ্টনৰ কোৱার্টাৰ ফাইনেলত প্রৱেশ পি ভি সিন্ধুৰ

70

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণঃ  ক’ৰোনাৰ আতংকৰ মাজতে জাপানৰ ৰাজধানী টকিঅ’ত চলি থকা অলিম্পিকত জয়যাত্রা অব্যাহত আছে ভাৰতৰ পদকপ্রত্যাশী তাৰকা মহিলা শ্বাটলাৰ পি ভি সিন্ধুৰ ৷ ৰি’ অলিম্পিকৰ ৰূপৰ পদক জয়ী সিন্ধুৱে টকিঅ’ অলিম্পিকৰ বেডমিণ্টন ইভেণ্টৰ মহিলা শাখাৰ ছিংগলছৰ কোৱার্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে ৷ আজি অনুষ্ঠিত প্রি–কোৱার্টাৰ ফাইনেল মেচখনত ভাৰতীয় তাৰকা শ্বাটলাৰগৰাকীয়ে ডেনমার্কৰ মিয়া ব্লিচফেল্ডক পৰাস্ত কৰি অন্তিম আঠলৈ উন্নীত হয় ৷ বিশ্বৰ সপ্তম বাছনিপ্রাপ্ত ২৬ বছৰীয়া পি ভি সিন্ধৱে মাত্র ৪১ মিনিটতে ত্রয়োদশ বাছনিৰ ডেনমার্কৰ খেলুৱৈগৰাকীক ২১–১৫, ২১–১৩ গেমত পৰাস্ত কৰি ক্রমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকৰ কোৱার্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰে ৷ মন কৰিবলগীয়া যে , ডেনমার্কৰ প্রতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে বিশ্ব চেম্পিয়ন সিন্ধুৰ এয়া আছিল পঞ্চম জয় ৷ কাইলৈ হ’বলগীয়া কোৱার্টাৰ ফাইনেল মেচখনত সিন্ধুৱে চতুর্থ বাছনিপ্রাপ্ত জাপানৰ আকানে য়ামাগুচিৰে কঠিন প্রতিদ্বন্দ্বিতাৰ মুখামুখি হ’ব ৷ য়ামাগুচিয়ে আন এখন প্রি–কোৱার্টাৰৰ পঞ্চদশ বাছনিৰ কেৰিয়াৰ কিম জাউনক ২১–১৭, ২১–১৮ গেমত পৰাস্ত কৰে ৷ উল্লেখ্য যে , সিন্ধুই যদি কোৱার্টাৰ জয় আৰু ছেমিফাইনেলত পৰাস্ত হয় , তেতিয়াহ’লে ব্রঞ্জৰ পদক যুঁজৰ মেচত অৱতীর্ণ হ’ব ভাৰতীয় শ্বাটলাৰ গৰাকী ৷