বৰপেটা গ্ৰামীণ প্ৰশিক্ষণ প্ৰতিষ্ঠানত ফিট ইণ্ডিয়া ফ্ৰীডম ৰানৰ সজাগতা

97

বৰপেটা গ্ৰামীণ প্ৰশিক্ষণ প্ৰতিষ্ঠানত ফিট ইণ্ডিয়া ফ্ৰীডম ৰানৰ সজাগতা

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী , ১০ ছেপ্টেম্বৰ : আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ আঁচনিৰ উদ্দেশ্য আগত ৰাখি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বৰপেটাৰ উদ্যোগত আৰু ইউকো গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান বৰপেটাৰ সহযোগত কালি এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য বৰপেটা গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত অনুষ্ঠিত সভাখনৰ আঁতধৰে ইউকো আৰচেটিৰ ফেকাল্টি নৱজিৎ দাসে । উক্ত সভাত ফিট ইণ্ডিয়া ফ্ৰীডম ৰান ২.০ ৰ আঁত ধৰি জিলা প্ৰকল্প প্ৰৱন্ধক সুমিত প্ৰসাদ দাস , ইউকো গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ৰণজিৎ তালুকদাৰে , ফেকাল্টি প্ৰতিৰেখা বৰা আৰু এছ. আই. ডি. বি. আইৰ জেষ্ঠ পৰামৰ্শ দাতা অৰুপ শৰ্মাই বক্তব্য প্ৰদান কৰে । প্ৰত্যেক ব্যক্তিয়ে দৌৰ , যোগ ব্যায়াম আদিৰ জৰিয়তে কেনেকৈ সুস্থ স্বাস্থ্যৰ অধিকাৰী হব পাৰে আৰু লগতে সন্তুলিত খাদ্যৰ তালিকা, খাদ্যৰ অভ্যাস, খাদ্যৰ গুৰুত্ব আদিৰ বিষয়ে সুন্দৰকৈ বুজাই দিয়ে জিলা প্ৰকল্প প্ৰৱন্ধক সুমিত প্ৰসাদ দাসে । অন্যান্য বক্তা সকলেও সুস্থ স্বাস্থ্যৰ অধিকাৰী হ’বলৈ শৰীৰ চৰ্চা , দৌৰ , খাদ্যাভ্যাস আদিৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজাই কয় ।