ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্রীতৰে ফোনত বার্তালাপ প্রধানমন্ত্রী মোদীৰ

107

 ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৬ আগষ্টঃ ৪১ বছৰৰ মূৰত অলিম্পিকত পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ পাছতে ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্রীত সিঙলৈ ফোন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷ শক্তিশালী জার্মানীৰ বিৰুদ্ধে ভাৰতৰ ৰোমাঞ্চকৰ জয়ত গৌৰৱান্বিত প্রধানমন্ত্রী মোদীয়ে মনপ্রীত সিঙৰ লগতে প্রশিক্ষক গ্রাহাম ৰীডৰ সৈতে প্রায় ৫ মিনিট বার্তালাপ কৰে৷ ব্রঞ্জ জয়ৰ বাবে দলটোক অভিনন্দন জনাই প্রধানমন্ত্রীয়ে কয় যে , ভাৰতীয় হকী দলটোৰ প্রদর্শনে সমগ্র দেশবাসীক গৌৰৱান্বিত কৰিছে ৷ ইয়াৰ জৰিয়তে ভাৰতীয় হকীয়ে নতুন জীৱন লাভ কৰিছে আৰু ইয়াৰ ফলত দেশৰ যুৱ প্রজন্ম হকীৰ প্রতি আকর্ষিত হ’ব বুলি প্রধানমন্ত্রীয়ে আশা প্রকাশ কৰে ৷ ইফালে , প্রধানমন্ত্রীৰ ফোন লাভ কৰি অভিভূত হৈ পৰা অধিনায়ক মনপ্রীতে মোদীক ধন্যবাদ জনাই কয় যে , আপোনাৰ অনুপ্রেৰণাই আমাক যথেষ্ট সহায় কৰিছে ৷ ছেমিফাইনেলৰ পাছত আপুনি আমাক যিধৰণে উদ্বুদ্ধ কৰিছিল , সেয়া আমাৰ বাবে প্রেৰণাদায়ক আছিল ৷ উল্লেখ্য যে , টকিঅ’ অলিম্পিকত ভাৰতীয় হকী দলটোৱে ব্রঞ্জ জয় কৰি দেশবাসীৰ ৪১ বছৰীয়া প্রতিক্ষাৰ অন্ত পেলাইছে ৷