মল্লযুঁজাৰু ৰবি কুমাৰ দাহিয়াই জয় কৰিলে ৰূপৰ পদক

102

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ ,  ৫ আগষ্টঃ সুশীল কুমাৰৰ পিছত দ্বিতীয় গৰাকী ভাৰতীয় মল্লযুঁজাৰু হিচাপে অলিম্পিকৰ ফাইনেলত প্রৱেশ কৰি ইতিহাস ৰচিছিল ৰবি কুমাৰ দাহিয়াই ৷ জাপানৰ ৰাজধানী টকিঅ’ত পূর্ণগতিত চলি থকা অলিম্পিকৰ পুৰুষৰ মল্লযুঁজৰ ৫৭ কেজি ফ্রী ষ্টাইলৰ বুধবাৰে অনুষ্ঠিত ছেমিফাইনেল মেচখনত ৰবি কুমাৰ দাহিয়াই কাজাখাস্তানৰ নুৰিশ্লাম ছানায়েভক পৰাস্ত কৰি স্বর্ণপদক যুঁজৰ মেচত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হয় ৷ আজি অনুষ্ঠিত হোৱা ফাইনেল মেচখনত ৰবি কুমাৰ দাহিয়াই ৰাছিয়াৰ জাউৰ উগুৱেভৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়ায় ৷ অৱশ্যে মেচখনত ৰাছিয়াৰ জাউৰ উগুৱেভৰ হাতত পৰাস্ত হয় ৰবি কুমাৰ দাহিয়া । উল্লেখ্য যে , ইভেণ্টটোৰ ফাইনেলত প্রৱেশ কৰি ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে ৰূপৰ পদক লাভ কৰাটো নিশ্চিত কৰি তুলিছিল ৷ আনহাতে , অলিম্পিকৰ মল্লযুঁজত পদক লাভ কৰা ৰবি কুমাৰ দাহিয়া হ’ল ভাৰতৰ পঞ্চম গৰাকী মল্লযুঁজাৰু ৷ দাহিয়াৰ পূর্বে কে ডি যাদৱ , সুশীল কুমাৰ , যোগেশ্বৰ দত্ত আৰু সাক্ষী মালিকে অলিম্পিকত পদক জয় কৰিবলৈ সক্ষম হৈছে ৷ মন কৰিবলগীয়া যে , কে ডি যাদৱ হ’ল অলিম্পিকৰ মল্লযুঁজত পদক জয় কৰা ভাৰতৰ প্রথম গৰাকী খেলুৱৈ ৷ ১৯৫২ চনৰ হেলছিংকি অলিম্পিকত কে ডি যাদৱে ব্রঞ্জৰ পদক জয় কৰিছিল ৷ আনহাতে , সুশীল কুমাৰ হ’ল ক্রমাগত দুখন অলিম্পিকত পদক জয় কৰা একমাত্র ভাৰতীয়৷ সুশীল কুমাৰে ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্রঞ্জ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপৰ পদক জয় কৰিছিল ৷