মহিলাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ধনুৰ্বিদ দিপীকা কুমাৰী

135

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ : টকিঅ’ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত কোৰিয়াৰ আন ছানৰ হাতত ০-৬ ৰ ব্যৱধানত পৰাজিত হয় ভাৰতীয় মহিলা ধনুৰ্বিদ দিপীকা কুমাৰী ৷ ইতিমধ্যেই টকিঅ’ অলিম্পিকৰ Women’s team আৰু Mixed Team Event ত জয়লাভ কৰিছে ২০ বছৰীয়া ধনুৰ্বিদ আন ছান ৷ শুকুৰবাৰৰ খেলখনত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগনবঢ়োৱা সত্বেও অতি সহজে ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হ’ল কোৰিয়ান ধনুৰ্বিদগৰাকীয়ে ৷ এই পৰাজয় দিপীকাৰ বাবে আবেগিক আছিল ৷ ফলাফল ঘোষণাৰ অন্তত দিপীকাক যথেষ্ট আবেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছিল ৷ দিপীকাই ৭ ৰে আৰম্ভ কৰে যদিও ইয়াৰ পৰা তেওঁৰ উভতি অহাৰ কোনো ৰাস্তা নাথাকে কাৰণ আন ছানে ছেট ৩০ ৰ সৈতে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়ায় ৷ দ্বিতীয় ছেটে দিপীকাক আৰু অধিক হতাশ কৰে ৷ কাৰণ ১০ ৰে আৰম্ভ কৰাৰ পিছত ইয়াক ছীল কৰিবলৈ তেওঁৰ হাতত সুবিধা আছিল যদিও তেওঁ ৭ টাৰ ২ টা ধনুকাৰ মাৰি পঠিয়ায় , কিন্তু প্ৰত্যকটোতে ২৪-২৬ ত পৰাজয়বৰণ কৰে ৷ আন ছানে তৃতীয় তথা অন্তিমটো খেল ৮, ৯, ৯ কাৰেৰে আৰম্ভ কৰে ৷ যুৱ কোৰিয়ান খেলুৱৈগৰাকীয়ে দ্বিতীয় গিয়াৰৰ পৰা বাহিৰ নহৈ তেওঁ ভাৰতীয় ধনুৰ্বিদগৰাকীৰ বিপৰীতে জয়লাভ কৰে ৷ ইয়াৰ পূৰ্বে দিপীকাই ৰিঅ’ অলিম্পিকৰ ৰাউণ্ড ১৬ ত ৰূপৰ পদকপ্ৰাপ্ত জেনিয়া পেৰোভাক পৰাজিত কৰিবলৈ সক্ষম হৈছিল ৷ দিপীকাৰ স্বামী অতনু দাসে কোৰিয়ান ধনুৰ্বিদ ওহ জিন হায়েকক পৰাস্ত কৰি পৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান দখল কৰাৰ পিছত আজিৰ খেলখন দিপীকাৰ বাবে পৰীক্ষা স্বৰূপ আছিল ৷ ২০১০ চনৰ কমনৱেল্থ গেমছত মহিলাৰ একক শাখাত স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল দিপীকাই ৷ ইয়াৰ উপৰিও ২০১০ চনৰ কমনৱেল্থ গেমছতে মহিলাৰ দলীয় শাখাত দোলা বেনাৰ্জী আৰু বোম্বায়ালা দেৱীৰ সৈতে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ উপৰিও তেওঁ ৱৰ্ল্ড কাপৰ তিনিটা স্তৰৰ দুটা স্তৰ ক্ৰমে গুটেমালা আৰু পেৰিছত স্বাৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৯ বছৰৰ পাচত পেৰিছ ৱৰ্ল্ড কাপত স্বৰ্ণ জয়েৰে তেওঁ বিশ্বৰ মহিলা আৰ্চাৰৰ তালিকাৰ শীৰ্ষস্থান পুনৰ দখল কৰিবলৈ সক্ষম হয় ৷ আৰ্চাৰী ৱৰ্ল্ড কাপৰ ষ্টেজ ১ ত মেক্সিক’ক ৫-১ ত পৰাজিত কৰি দিপীকা কুমাৰীয়ে স্বাৰ্ণ দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ উপৰিও ২০১২ চনত লণ্ডনত অনুষ্ঠিত গ্ৰীষ্ম অলিম্পিকৰ মহিলা একক আৰু দলীয় শাখাত প্ৰতিদ্বন্দীতা আগবঢ়াইছিল দিপীকা কুমাৰীয়ে ৷ এই প্ৰতিযোগিতাত ৮ ম স্থান দখল কৰিবলৈ সক্ষম হৈছিল ধনুৰ্বিদগৰাকী ৷ ২০১২ চনত তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক দেশৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ খেলুৱৈ সন্মান ‘অৰ্জুন বঁটা’ৰে সন্মানিত কৰে ৷ ২০১৪ চনত ফেব্ৰুৱাৰীত তেওঁক ‘FICCI Sportsperson of the Year’ সন্মানেৰে সন্মানিত কৰা হয় ৷ ইয়াৰ উপৰিও 2016 চনত ভাৰত চৰকাৰে তেওঁক অসামৰিক সন্মান ‘পদ্মশ্ৰী’ৰে সন্মানিত কৰে ।