মহিলা হকীত তিনি বাৰৰ স্বৰ্ণজয়ী অষ্ট্ৰেলিয়াক পৰাজিত কৰি ছেমিফাইনেলত ভাৰত

133

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২ আগষ্টঃ মহিলা হকীত সৃষ্টি হ’ল নতুন ইতিহাস । প্ৰথম বাৰৰ বাবে অলিম্পিকৰ ছেমিফাইনেলত উঠিল ভাৰতৰ মহিলা দল । সেয়া আকৌ তিনিবাৰ স্বৰ্ণ জয়ী আষ্ট্ৰেলিয়ক ১-০ গলত পৰাজিত কৰি প্ৰথম কোৱাৰ্টাৰত ভাৰতৰ হৈ একমাত্ৰ গল কৰিছিল গুৰজিৎ কৌৰে । ৰানি ৰামপালৰাই গৰ্ভিত কৰিলে গোটেই দেশক । পুৰুষ হকীৰ পাছত এইবাৰ মহিলা হকীতো সফলতা পালে ভাৰতে । এইবাৰ অলিম্পিকৰ প্ৰথম তিনি মেচত পৰাজিত হৈছিল ভাৰতৰ মহিলা দল । প্ৰথম মেচত নেদাৰলেণ্ডৰ ওচৰত ১-৫ গলত হাৰিছিল । পাছত জাৰ্মানী আৰু গ্ৰেট ব্ৰিটেইনৰ ওচৰত পৰাজিত হয় । শেষত আয়াৰলেণ্ড আৰু দক্ষিণ আফ্ৰিকাক পৰাজিত কৰে । তেতিয়াও যোগ্যতা অৰ্জন কৰিব পৰাটো নিশ্চিত নাছিল । কিন্তু গ্ৰেট ব্ৰিটেইনৰ ওচৰত আয়াৰলেণ্ড পৰাজিত হোৱাত চতুৰ্থ দল হিচাপে গ্ৰুপৰ পৰা কোৱাৰ্টাৰ ফাইনেলত উঠে ভাৰত । সেই দলেই তিনিবাৰৰ স্বৰ্ণ জয়ী অষ্ট্ৰেলিয়াক পৰাজিত কৰি ইতিহাস গঢ়িলে । ৪১ বছৰ পাছত মহিলা হকীত পদক লাভ ভাৰতৰ । সন্মূখত কঠিন প্ৰতিপক্ষ বেলজিয়াম , মহিলা হকীত আষ্ট্ৰেলিয়া অন্যতম শ্ৰেষ্ঠ দল । সেয়ে এই মেচত কোনো প্ৰত্যাশা লৈ আহা নাছিল ৰানি ৰামপালৰা । তেওঁলোকে কেৱল নিজৰ ভাল পাৰফৰমেঞ্চ দেখুৱাবলৈ বিচাৰিছিল । সোমবাৰৰ মেচত প্ৰথমৰ পৰাই ভালদৰে খেলা আৰম্ভ কৰে ভাৰতীয় দল । বলৰ নিয়ন্ত্ৰণ বেছিভাগ তেওঁলোকৰ হাততেই আছিল । দ্বিতীয় কোৱাৰ্টাৰৰ আৰম্ভণিতেই আগুৱাই যায় ভাৰতে । পেনাল্টি কৰ্ণাৰৰ পৰা গল কৰে গুৰজিৎ কৌৰে । এক গোল আগুৱাই গৈয়ো ভাৰতৰ খেলত কোনো জোৰ নাছিল । তেওঁলোকে ডিফেঞ্চ কৰাৰ কোনো চেষ্টা কৰা নাই । বাকি সময়তো আক্ৰমণাত্মক ভাবে খেলিছিল তেওঁলোকে । শেষ কোৱাৰ্টাৰৰ পাছে পাছে পেনাল্টি কৰ্ণাৰ পাইছিল অষ্ট্ৰেলিয়া । কিন্তু ভাৰতৰ গোলকিপাৰ সবিতা আৰু বাকী খেলুৱৈৰ পাৰদৰ্শিতাত গোল কৰিব পৰা নাই তেওঁলোকে ।