মাজুলীত নৌকা প্ৰতিযোগিতা সম্পন্ন

56
মাজুলীত নৌকা প্ৰতিযোগিতা সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ সেৱা , প্রশান্ত হাজৰিকা , মাজুলী , ১০ জানুৱাৰী : আসন্ন অসম বিধানসভাৰ নিৰ্বাচন-২০২১ ৰ বাবে ভোটাৰ সজাগতামূলক কাৰ্যসূচী ‘ছুইপ’ (এছভিইইপি)ৰ অংশ হিচাপে মাজুলী জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে আজি নামনি মাজুলীৰ চেলেকঘাটত এখন আকৰ্ষণীয় দেশীয় নৌকাচালনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে । জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ ছুইপ (এছভিইইপি) কোষে জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত লুইত-খাবলু নদীৰ চেলেকঘাটত আয়োজন কৰা এই নৌকা প্ৰতিযোগিতা দেওবাৰে পুৱা ১১ বজাত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত শ্ৰীনৰেণ দাসে । উদ্বোধনী অনুষ্ঠানত মাজুলীৰ অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) শ্ৰীঅৰিন্দম বৰুৱাই জিলাখনৰ ভোটাৰ ৰাইজৰ মাজত দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ অন্যতম মূল আধাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াক সাফল্যমণ্ডিত কৰি তোলাত ভোটাৰ হিচাপে নাগৰিকসকলৰ ভূমিকা , অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত সজাগ কৰি তুলিবলৈ মাজুলী জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে হাতত লোৱা ছুইপ অভিযানৰ অংশ হিচাপে এই নৌকা প্ৰতিযোগিতা আয়োজন কৰাৰ বিষয়ে সদৰি কৰে । তেওঁ দেশত নিৰ্বাচনৰ জৰিয়তে চৰকাৰ গঠনৰ ক্ষেত্ৰত প্ৰতিগৰাকী ভোটাৰে ভোটদানৰ অধিকাৰৰ সাব্যস্ত কৰি গ্ৰহণ কৰিব পৰা নিৰ্ণায়ক ক্ষমতাৰ বিষয়ে নাগৰিকসকলক সজাগ-সচেতন হ’বলৈ আহ্বান জনায় । অতিৰিক্ত উপায়ুক্ত শ্ৰীকাৰ্তিক কলিতা , সহকাৰী আয়ুক্তদ্বয় ড০ ৰাকেশ চেত্ৰী আৰু শ্ৰীমতী হিমাদ্ৰী বৰাৰ লগতে জিলাখনৰ বৃহৎ সংখ্যক ক্ৰীড়ানুৰাগী ৰাইজ তথা স্থানীয় জনসাধাৰণৰ উপস্থিতিত উখল-মাখল পৰিবেশত আয়োজিত এই নৌকা প্ৰতিযোগিতাত জিলাখনৰ মুঠ ১৪ টা নৌকাচালনা দলে অংশগ্ৰহণ কৰে।উত্তেজনাপূৰ্ণ প্ৰতিযোগিতাখনত তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত প্ৰথম স্থান দখল কৰে জকাইবোৱা য়াৰি চি ছাও নৌকাচালনা দলে । আজিৰ এই আকৰ্ষণীয় দেশীয় নৌকাচালনা প্ৰতিযোগিতাত কাকৰিকটা গাঁৱৰ সম্প্ৰীতি নৌকাচালনা দলে দ্বিতীয় আৰু ১নং মিছামৰা নৌকাচালনা দলে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় । প্ৰথম তিনিটা বিজয়ী দলক অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত নগদ ধন , ট্ৰফী আৰু প্ৰশস্তিপত্ৰৰে পুৰস্কৃত কৰিব জিলা প্ৰশাসনে । সেইদিনাই আজিৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী আটাইকেইটা দলৰ প্ৰতিগৰাকী সদস্যকে জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰিব ।