সদৌ অসম আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতাত ডিগবৈৰ কেইবাজনোৰ পদক অৰ্জন

43

সদৌ অসম আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতাত ডিগবৈৰ কেইবাজনোৰ পদক অৰ্জন
দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিগবৈ , ১৪ মাৰ্চঃ সদৌ অসম আন্তঃজিলা ভিত্তিত শক্তি উত্তোলন পুৰুষ-মহিলা উভয় পক্ষৰ প্ৰতিযোগিতাখনি তেজপুৰৰ ডিপতাত অনুষ্ঠিত হৈ যায় ৷ যোৱা ইং ৪ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা শক্তি উত্তোলন প্ৰতিযোগিতাখনিত তৈলনগৰী ডিগবৈ চহৰৰ বহুকেইজন প্ৰতিযোগীয়ে পদক লাভ কৰিবলৈ সক্ষম হয় ৷ তিনিচুকীয়া জিলা শক্তি উত্তোলন সন্থাৰ অন্তৰ্গত ডিগবৈ শক্তি উত্তোলন সন্হাৰ হৈ কেইবাটাও বিভাগৰ পুৰুষৰ শাখাত মাষ্টাৰ্ছ অভিলেখ সেনাপতিয়ে সোণৰ পদক , ছিনিয়ৰ শাখাত বিজয় চেতিয়াই সোণৰ পদক , জুনিয়ৰ শাখাত কৃষাণ কুৰ্মীয়ে ৰূপৰ পদক , ছাব-জুনিয়ৰ শাখাত বিকি গগৈয়ে সোণৰ পদক , প্ৰণৱ বৰাই ৰূপৰ পদক , আদিত্য সেনাপতিয়ে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ মহিলা শাখাৰ শক্তি উত্তোলন প্ৰতিযোগিতাত মাষ্টাৰ্ছ লখিমা চমুৱাই সোণৰ পদক , দিপ্তী বৰা গগৈয়ে সোণৰ পদক , ভাৰতী সোনোৱালে সোণৰ পদক , ছিনিয়ৰ শাখাত সপ্না শইকীয়াই সোণৰ পদক , ছাব-জুনিয়ৰ শাখাত চুম্পীগগৈয়ে ৰূপৰ পদক আৰু মৈয়ত্ৰী বৰাই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ তিনিচুকীয়া জিলাখনৰ ভিতৰতে তৈলনগৰী ডিগবৈ চহৰৰ অধিকাংশ শক্তি উত্তোলন প্ৰতিযোগিতাখনিত বিভিন্ন শাখাত পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ হেতুকে ডিগবৈ চহৰৰ উদীয়মান শক্তি উত্তোলন আগ্ৰহী যুৱক যুৱতীসকলৰ মাজত এক আনন্দৰ জোৱাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷