স্বৰ্ণৰ দিশে আগবাঢ়ি ব্ৰঞ্জত স্তব্ধ লাভলীনাৰ অলিম্পিক যাত্ৰা , ছেমিফাইনেলত তুৰ্কীৰ বুছেনাজ চুৰমেনেলীৰ হাতত পৰাস্ত হয় অসম কন্যা লাভলীনা বৰগোহাঁই

580

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , ৪ আগষ্ট : হাজাৰ আশা বুকুত বান্ধি অলিম্পিকত ছেমি ফাইনেলত অৱতীৰ্ণ হোৱা অসম কন্যা লাভলীনা বৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক লাভেৰে অলিম্পিক যাত্ৰা সামৰিব লগা হয় ৷ বুধবাৰে টকিঅ’ অলিম্পিকৰ ছেমিফাইনেলত তুৰ্কীৰ বুছেনাজ চুৰমেনেলীৰ হাতত পৰাস্ত হয় অসম কন্যা লাভলীনা বৰগোহাঁই৷ মহিলা বক্সিঙৰ ৬৯ কেজি শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে থমকি ৰ’ব লগা হ’ল লাভলীনা ৷ বুছেনাজ চুৰমেনেলীয়ে ৫-০ৰ ব্যৱধানত পৰাস্ত কৰিলে লাভলীনাক ৷ বিচাৰকসকলে তুৰ্কী বক্সাৰগৰাকীক ১০ পইণ্ট দিয়াৰ লগে লগে প্ৰথম ৰাউণ্ডত লাভলীনা চুৰমেনেলীৰ হাতত পৰাজিত হয় ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে দুয়োগৰাকী বক্সাৰে কেতিয়াও ইজনে সিজনৰ মুখামুখি হোৱা নাছিল ৷ বুধবাৰে অনুষ্ঠিত খেলখনতেই দুয়োগৰাকী বক্সাৰ প্ৰথমবাৰৰ বাবে মুখামুখি হয় ৷ ২৩ বছৰীয়া অসম বক্সাৰগৰাকী কিছুদিন পূৰ্বে বিজেন্দৰ সিং আৰু মেৰী কমৰ পাচত পোডিয়াম সম্পূৰ্ণ কৰা কেৱল তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হৈছিল । ভাৰতৰ হৈ বক্সিঙত লাভলীনাৰ এয়া প্ৰথমটো অলিম্পিক পদক ৷ লাভলীনাই এতিয়ালৈকে বিশ্ব চেম্পিয়নশ্বিপত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে। মুৱায় থাই প্ৰেক্টিশ্বনাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অসমৰ ২৩ বছৰীয়া বক্সাৰগৰাকী কিছু দিনৰ পূৰ্বে পডিয়াম ফিনিশ সুনিশ্চিত কৰা তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হৈছিল ৷ বিজেন্দৰ সিং আৰু মেৰী কমৰ পাচতে লাভলীনাই পডিয়াম ফিনিশ সুনিশ্চিত কৰা তৃতীয়গৰাকী ভাৰতীয় বক্সাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, অসমৰ বাবে এইটোৱে হ’ব অলিম্পিকৰ প্ৰথমটো পদক ৷ ২৩ বছৰীয়া বুছেনাজ চুৰমেনেলীয়ে চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুটা সোণৰ পদক অৰ্জন কৰিবলৈ হৈছে ৷ খেলুৱৈগৰাকী ২০১৫ বৰ্ষতে তুৰ্কীৰ ৰাষ্ট্ৰপতিগৰাকীক অলিম্পিক পদক লাভৰ প্ৰতিশ্ৰুতি দিছিল ৷ ইফালে নিজৰ কেৰিয়াৰত লাভলীনাই এই পৰ্যন্ত ৱৰ্ল্ড চেম্পিয়নশ্বিপত দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে।