হাটশিঙিমাৰীৰ খোপাতীয়াত শান্তিপূৰ্ণ ভাৱে সম্পন্ন কৰিলে চুৰান্ত ফুটবল খেল , অসমৰ হাতত ধৰাসায়ী মেঘালয় , ১১/১ গ’লৰ ব্যৱধানত অসমৰ হাতত মেঘালয় পৰাস্ত

69

হাটশিঙিমাৰীৰ খোপাতীয়াত শান্তিপূৰ্ণ ভাৱে সম্পন্ন কৰিলে চুৰান্ত ফুটবল খেল , অসমৰ হাতত ধৰাসায়ী মেঘালয় , ১১/১ গ’লৰ ব্যৱধানত অসমৰ হাতত মেঘালয় পৰাস্ত

দুৰ্নীতিৰ দৰ্পণ সেৱা , হাটশিঙিমাৰী, ০১ ডিচেম্বৰঃ দঃশালমাৰা মানকাচৰ জিলাৰ খোপাতীয়া বজাৰৰ পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত মঙ্গলবাৰে দিনৰ দুই বজাত খোপাতীয়া ফুটবল টোৰ্নামেন্টৰ চুৰান্ত প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বহুত আনন্দ উল্লাসৰ মাজেৰে শান্তিপূৰ্ণ ভাৱে একমাহ ধৰি চলি থকা খোপাতীয়া ফুটবল টুৰ্নামেন্টৰ আজি চুৰান্ত খেল ৷ খেলৰ ৯০ মিনিটত দুয়ো দলে ভাল খেল প্ৰদৰ্শন কৰে যদিও মেঘালয়ৰ শাকমাল দলৰ খেলুৱৈ এক গোল দিবলৈ সক্ষম হয় বিপৰীতে অসমৰ ভুতীয়াডাঙা দলৰ খেলুৱৈ ১১ গোল দি জয়লাভ কৰিবলৈ সক্ষম হয় ৷ অসম ভুতীয়াডাঙা দলৰ খেলুৱৈ সকলোক অইন ৰাজ্যৰ পৰা আনিছিল বিপৰীতে মেঘালয় শাকমালৰ দলে স্থানীয় খেলুৱৈ সকলে খেলিছিল । খেলত জয়লাভ কৰি ট্ৰফী গ্ৰহণ কৰি এনেদৰে উল্লাসিত হয় ভুতীয়াডাঙা দলৰ সমৰ্থক সকলে ৷ খেলৰ মুখ্য অতিথি আছিল গোটাবাৰী খোপাতীয়া গাওঁ পঞ্চায়তৰ সভাপতি মোস্তফা আহমেদ আৰু অৱসৰ প্ৰাপ্ত পশু চিকিৎসক বসন্ত দাস ৷ খেলৰ আনন্দ উপভোগ কৰিবলৈ বিভিন্ন ৰাজনৈতিক দলৰ স্থানীয় নেতা সকলেও উপস্থিত থকা পৰিলক্ষিত হয় ৷ প্ৰায় দহ ১০ সহশ্ৰাধিক ফুটবলপ্ৰেমী ৰাইজে এই খোপাতীয়া টোৰ্নামেন্টৰ চুৰান্ত ফুটবল খেলৰ আনন্দ উপভোগ কৰে ৷ উল্লেখ্য যে,খোপাতীয়া অঞ্চলৰ একাংশ যুৱকে খোপাতীয়া ফুটবল টোৰ্নামেন্টৰ নামৰ এখন কমিটি গঠন কৰি প্ৰতি বছৰে ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি যুৱ সমাজক খেলৰ প্ৰতি প্ৰেৰণা যোগাই আহিছে।