ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত খেলুৱৈক সম্বৰ্ধনা

59

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত খেলুৱৈক সম্বৰ্ধনা
দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰপেটা , ২৯ জানুৱাৰীঃ বৰপেটা চহৰৰ দঙৰকুছিৰ চেন্ট টেৰেছা ইংলিছ মিডিয়াম স্কুলৰ সাত গৰাকী ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ক্যাৰাটে খেলুৱৈক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ আন্তঃ ৰাষ্ট্ৰীয় ক্যাৰাটে খেলুৱৈ চাৰহান ৰছুল,ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হানী আলী, ইৰফান হাবিব আৰু জিয়ান চৌধুৰী, ৰাজ্যিক পৰ্যায়ৰ চালমা শিকদাৰ পাৰবীন , শিকদাৰ চাকিল বাছেৰ আৰু ছাহিদ ফাজিলক ক্যাৰাটেত সাফল্য কঢ়িয়াই অনা বাবে আজি বিদ্যালয় প্ৰাংগনত উস্ম সম্বৰ্ধনা জনোৱা হয় ৷ বিদ্যালয় খনৰ অধ্যক্ষ বিপিন পি এচৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায় বিদ্যালয় খনৰ সঞ্চালক ভেইৰু কুমাৰ শৰ্মাই ৷ এই অনুষ্ঠানত শৈক্ষিক কাউন্সিলৰ নুপুৰ পুৰোহিত উপাধ্যক্ষ(উচ্চতৰ শাখা) মুকুল দাস উপস্থি আছিল ৷

Total Page Visits: 7 - Today Page Visits: 2