ৰাষ্ট্ৰীয় টাইকোৱানডোত জামুগুৰিহাটৰ ধ্ৰুপদ কাশ্যপৰ স্বৰ্ণ পদক লাভ

118

ৰাষ্ট্ৰীয় টাইকোৱানডোত জামুগুৰিহাটৰ ধ্ৰুপদ কাশ্যপৰ স্বৰ্ণ পদক লাভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৮ ছেপ্টেম্বৰঃ উত্তৰ প্ৰদেশৰ বুদায়ুত অনুষ্ঠিত ৰাষ্ট্ৰীয় টাইকোৱানডোত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জামুগুৰি টাইকোৱানডো একাডেমীৰ ছাত্ৰ ধ্ৰুপদ কাশ্যপে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । যোৱা ১০ ছেপ্টেম্বৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ১৪ বছৰ অনূৰ্ধ্বৰ ৪১ কেজি শাখাত অংশগ্ৰহণ কৰি ঝাৰখণ্ডৰ খেলুৱৈক হৰুৱাই সোণৰ পদক বুটলি আনিবলৈ সক্ষম হোৱা জামুগুৰিহাটৰ শান্তিপুৰ নিবাসী মুকুল বৰা আৰু চন্দ্ৰনা শৰ্মা বৰাৰ জ্যেষ্ঠ পুত্ৰ ধ্ৰুপদ কাশ্যপৰ এই সফলতাই আনন্দিত কৰি তুলিছে জামুগুৰি টাইকোৱানডো একাডেমীৰ প্ৰতিগৰাকী প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীক । ধ্ৰুপদ কাশ্যপৰ এই বৃহৎ সফলতাৰ বাবে বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিবিশেষে শুভেচ্ছা আৰু অভিনন্দনো জ্ঞাপন কৰিছে । জামুগুৰি টাইকোৱানডো একাডেমীৰ মূখ্য প্ৰশিক্ষক কৌস্তভ বাৰুতি,সহ: প্ৰশিক্ষক বিকিৰাজ বাৰুতি আৰু তুৰভ হাজৰিকাৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰে বুলি আমাক জানিবলৈ দিয়ে ।