ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পদ্মশ্ৰী সন্মানেৰে বিভূষিত প্ৰাক্তন ছাত্র ডঃ ৰোমান শৰ্মাক সম্বৰ্ধনা

33

ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পদ্মশ্ৰী সন্মানেৰে বিভূষিত প্ৰাক্তন ছাত্র ডঃ ৰোমান শৰ্মাক সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও, ফেব্ৰুৱাৰীঃ দেৰগাঁৱৰ ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ,সাহিত্যিক, অধিবক্তা ড০ ৰোমাণ শৰ্মাক ৰাজহুৱা ভাৱ উষ্ম সম্বৰ্ধনা জনোৱা হয়।এই উদেশ্যে বিদ্যালয় প্ৰেক্ষাগৃহত প্ৰাক্তন অধ্যক্ষ অজিত ঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আদৰণি ভাষণ দিয়ে অধ্যক্ষা ডঃ জুৰী দেবীয়ে। জ্যেষ্ঠ শিক্ষক প্ৰজ্ঞা সুন্দৰ হাজৰিকা আৰু প্ৰদীপ বৰাই আত ধৰা সম্বৰ্ধনা সভাখনত সমাজপ্ৰাণ অতুল গোস্বামী, সাহিত্যিক নুৰুল চুলতান, অবসৰপ্ৰাপ্ত শিক্ষক অতুল শৰ্মা,আৰু নবীন বৰাই বিশিষ্ট অতিথি ৰূপে ভাগ লয়।শৰাই সফুৰা,গামোছা ছেলেং,গ্ৰন্থ আদিৰে বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী য়ে ডঃ ৰোমান শৰ্মাক সম্বৰ্ধনা জনোৱা গাম্ভীয্যপূৰ্ণ অনুষ্ঠানটোত দেৰগাও সাংবাদিক সন্থা, আপকুৰ দেৰগাও মহকুমা সমিতি, মিছামৰা উ:মা:বিদ্যালয়, দেৰগাও সাহিত্য সভাকে ধৰি বিভিন্ন সংগঠন আৰু ব্যক্তিগত ভাবেও বিভিন্ন জনে ডঃ শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ পৰশমণি ঠাকুৰ, উপসভাপতি প্ৰদীপ বৰা,প্ৰাক্তন অধ্যক্ষা ৰুনু মহন্ত, বিনন্দ বৰা,দুলাল অধ্যাপক,ৰোমান শৰ্মাৰ সহধৰ্মীনি মালা শৰ্মা, জ্যেষ্ঠ ভাতৃ বিমান শৰ্মা প্ৰমুখ্যে যথেষ্ঠ সংখ্যক ৰাইজ আৰু ছাত্ৰ ছাত্ৰী য়ে ভাগলোৱা অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি পদ্মশ্ৰী সন্মানপ্ৰাপ্ত ৰোমান শৰ্মাই এই বিদ্যালয়ত পঢ়া সময়ৰ বিভিন্ন স্মৃতি সোঁৱৰীণ কৰি আবেগিক হৈ পৰে।বৰ্তমানৰ সফলতাৰ আঁৰত বিদ্যালয় খনৰ অবদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি ডঃ শৰ্মাই ছাত্ৰ ছাত্ৰী সকলক সহৃদয়তা, ভাতৃত্ববোধ ৰক্ষাত গুৰুত্ব দিবলৈ আহবান জনাই। উল্লেখযোগ্য যে,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা,তথা চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ, সাংবাদিক ডঃ শৰ্মা বিভিন্ন কাকত আলোচনীৰ এগৰাকী নিয়মীয়া নিবন্ধকাৰ।

Total Page Visits: 13 - Today Page Visits: 1