কামপুৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বহাগী মেলা

9

কামপুৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বহাগী মেলা

দুৰ্ণীতিৰ দৰ্পণ সেৱা , শান্তনু কুমাৰ শৰ্মা , কঠীয়াতলী , ৮ এপ্ৰিলঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলা সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত ৮ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে “বহাগী মেলাৰ” অনুস্থিত হয় ৷ ৰঙালী বিহুৰ প্ৰাক ক্ষনত গ্ৰাম্য উৎপাদিত সামগ্ৰী সমুহ সুলভ মুল্যত বিক্ৰীৰ লক্ষ্যৰে গ্ৰামাঞ্চলৰ মহিলা সকল উপকৃত হোৱাকৈ কঠিয়াতলী উন্নয়ণ খণ্ডৰ অন্তৰ্গত আত্ম সহায়ক গোট বোৰৰ উদ্যোগত এই মেলা অনুস্থিত হয় । কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত অনুস্থিত হোৱা বহাগী মেলাৰ মুকলি অনুস্থানত অংশ লয় কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড০ সংগীতা বৰঠাকুৰৰ উপৰিও কঠিয়াতলী উন্নয়ণ খণ্ডৰ বিষয়া সকলে । উল্লেখ্য যে , কঠিয়াতলীৰ উন্নয়নখণ্ডৰ ১৪ টা পঞ্চায়তে এই মেলাত অংশ লয় ।