কৃষ্টিৰ কঠীয়াৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কলা সংস্কৃতি বিকাশ যোজনাৰ অধীনত বাঁহশিল্পী সকলৰ বাবে ৫ দিনীয়া শিবিৰৰ সামৰণি

27

কৃষ্টিৰ কঠীয়াৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কলা সংস্কৃতি বিকাশ যোজনাৰ অধীনত বাঁহশিল্পী সকলৰ বাবে ৫ দিনীয়া শিবিৰৰ সামৰণি


দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , অমৃত কুমাৰ শৰ্মা , শিৱসাগৰঃ ভাৰত চৰকাৰৰ কলা-সংস্কৃতি বিকাশ যোজনাৰ অধীনত অসমৰ থলুৱা শিল্পকলাৰ চৰ্চা আৰু জনজাতীয় শিল্পীসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যে *কৃষ্টিৰ কঠীয়া* ই যোৰহাট জিলাৰ ওপৰদেউৰীত ৮ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ পাঁচদিনীয়াকৈ আয়োজন কৰা বাঁহৰ বিভিন্ন সামগ্ৰী নিৰ্মাণৰ শিবিৰৰ সফল সামৰণি পৰে। সামৰণি অনুষ্ঠানত কৃষ্টিৰ কঠীয়াৰ মুখ্য উপদেষ্টা ড° পৰাণ বৰুৱা, কৃষ্টিৰ কঠীয়াৰ অন্য এগৰাকী মুখ্য উপদেষ্টা তথা বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, অসম প্ৰশাসনিক বিষয়া বেদব্ৰত পেগু, ড° স্মৃতি ৰেখা বৰুৱা, কৃষ্টিৰ কঠীয়াৰ ক্ৰমে মুখ্য কাৰ্য্যবাহী বিষয়া বিস্মিতা দত্ত আৰু পৰিচালন সঞ্চালক প্ৰদ্যুম্ন বৰা,কৃষ্টিৰ কঠীয়াৰ সক্ৰিয় সদস্য মনিশ কংকণ বৰা, উপাশা বৰা, অভিজিত চৰকাৰ আৰু প্ৰশান্ত হাজৰিকাৰ লগতে কৰ্মশালাত অংশগ্ৰহণ কৰা শিল্পীসকল উপস্থিত থাকে৷