পেঙেৰীত সেনা বাহিনীৰ সহযোগত এদিনীয়া পশু চিকিৎসা শিবিৰ

43

পেঙেৰীত সেনা বাহিনীৰ সহযোগত এদিনীয়া পশু চিকিৎসা শিবিৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰমোদ ভূঞা , বৰডুমচা , ১৮ মাৰ্চ ঃ আজি দিনজোৰা কাৰ্য্যসূচীৰে তিনিচুকীয়া জিলাৰ পেঙেৰী টেকেৰী মান গাঁও এলপি স্কুলৰ খেলপথাৰত ভাৰতীয় সেনা বাহিনীৰ পেঙেৰীস্থিত ১৮ গাৰুৱাল ৰেজিমেণ্ট সেনা শিবিৰৰ সহযোগত অপাৰেচন সদ্ভাৱনাৰ অধীনত এক বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে । পেঙেৰী সেনা শিবিৰৰ গাৰুৱাল ৰেজিমেণ্টৰ সেনা বিষয়া মেজৰ চিৰাগ ৰানা সহ বহু কেইজন উচ্চ পদস্থ সেনা বিষয়া উপস্থিত থকা লগতে স্থানীয় চৰকাৰী গাঁও বুঢ়া লাটেশ্বৰ চেতীয়া,টেকেৰী গাঁৱৰ ভিডিপি সভাপতি , বোলেশ্বৰ বৰুৱা , দুই নং টেকেৰী ভিডিপি সভাপতি প্ৰদীপ গগৈ , ৮ নং ৱাড সদস্যা ৰূপা মৰাণ সহ এই পশু চিকিৎসা কার্যসূচীত সহযোগীতা আগবঢ়ায় । গাঁও খনৰ তিনিসহস্ৰাধিক কৈয়ো অধিক গৰু,মহ,ছাগলী,হাহ,কুকুৰা,গাহৰি আৰু কুকুৰৰ চিকিৎসা প্ৰদানৰ লগতে প্ৰতিষেধক প্ৰদান আৰু ভিটামিন জাতীয় ঔষধ বিতৰণ বিনামূলীয়া কৈ কৰে সেনা বাহিনীয়ে । ১৮ গাৰুৱাল ৰেজিমেণ্টৰ পশু চিকিৎসক সকলে চিকিৎসা প্ৰদান কৰে । ভাৰতীয় সেনাৰ ১৮ গাৰুৱাল বহু কেইজনে চিকিৎসা সহযোগ আগবঢ়োৱা আজিৰ এই কাৰ্য্যসূচীক লৈ স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here