ভোলানাথ মহাবিদ্যালয়ত ছাত্ৰ -ছাত্ৰীৰ স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান

167
ভোলানাথ মহাবিদ্যালয়ত ছাত্ৰ -ছাত্ৰীৰ স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান
ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ধুবুৰী , ৩১ ডিচেম্বৰ : ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ -ছাত্ৰীসকলৰ উদ্যোগত স্বৰচিত কবিতা পাঠৰ অনুষ্ঠানৰ আয়োজন কৰা হয় । কবিতাৰ অনুষ্ঠানটোৰ উদ্বোধন কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড.উপেন্দ্ৰজিত শৰ্মাই । ভাষণ প্ৰসংগত কয় যে , মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীৰ এই ধৰণৰ সৃজনশীল প্ৰচেষ্টাই কেৱল মহাবিদ্যালয়তে নহয় ,আমাৰ সমাজখনতোএক সুন্দৰ পৰিবেশ গঢ়ি তুলিব । যান্ত্ৰিক যুগত বাসকৰা ছাত্ৰ -ছাত্ৰীবৃন্দৰ এনেকুৱা সৃজনীশীল প্ৰতিভাই অনাগত দিনত এক দিনৰ ,নতুন যুগৰ সূচনা কৰিব । ছাত্ৰ আব্দুল হানিফ খানে পৰিচালনা কৰা অনুষ্ঠানটোত বাৰ গৰাকী ছাত্ৰ -ছাত্ৰীয়ে স্বৰচিত কবিতা পাঠ কৰে । কবিতা সমূহৰ ওপৰত ব্যাখ্যা আগবঢ়াই অসমীয়া বিভাগৰ অধ্যাপিকা ড.অলকা শৰ্মাই । ভাষণ প্ৰসংগত ছাত্ৰ -ছাত্ৰীবৃন্দৰ এনেধৰণৰ প্ৰচেষ্টাক শলাগ লৈ কয় যে , ছাত্ৰজীৱনৰ পৰাই সৃজনশীল মানসিকতা গঢ়ি তুলিব পাৰিলে ভৱিষ্যত জীৱনত নিজক সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ সহজ হয় । কবিতা পাঠৰ অনুষ্ঠানটোত ৰাইহানা ইছলামে -আধৰুৱা দৃশ্য ,মৃগেনদাসে -ফুটপাথ,মুছাফিকা ইয়াছমিনে -অসহায় প্ৰকৃতি ,মনুশ্ৰী সাহাই -নিৰ্মাণ ,চুলতানা পাৰবীনে -অচিনাকী হৈছোঁ ,ভনীতা দাসে -অপেক্ষা ,আৰিফুল ইছলামে -বৰষুণ,ফাৰজিনা ৰহমানে-ৰং , ওৱাজিদা খাতুনে পৰিশ্ৰম , সুচিস্মিতাকুণ্ডুই -নাৰী,জ্যোতিপালে -লকডাউন ২০২০,ৰূপচান আলী মণ্ডলে গাঁৱলীয়া মৈ নামৰ কবিতা আবৃত্তিৰে অনুষ্ঠানটো জীপাল কৰি তোলে ।