মৰিগাঁৱৰ কটহগুৰি কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ত “উৎসৱ বিদ্যাৰম্ভ ২০২১” আৰম্ভ

12

মৰিগাঁৱৰ কটহগুৰি কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ত “উৎসৱ বিদ্যাৰম্ভ ২০২১” আৰম্ভ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,পুলিন কাকতি , ভূৰবন্ধা , ৮ এপ্ৰিল : বৃহস্পতিবাৰে মৰিগাঁও ভূৰবন্ধাত কটহগুৰি কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ত “উৎসৱ বিদ্যাৰম্ভ ২০২১” এক অনুষ্ঠান আয়োজন কৰে । অনুষ্ঠানৰ দিনা বিদ্যালয়লৈ নতুনকৈ অহা ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী লগতে ছাত্ৰ-ছাত্ৰী সকলে ধূপ-ধূনা , চাকি-বন্তি জ্বলাই ফুলেৰে আদৰণী জনায়। পৰবৰ্ত্তী সময়ত দিনৰ ১১ বজাত উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি এক ন-পুৰণি সকলো ছাত্ৰ-ছাত্ৰীক লৈ এক শোভাযাত্ৰা আয়োজন কৰা পিছত ১১.৩০ বজাত এক সৰুকন কোঁৱৰ সভাপতিত্বত এক আলোচনা চক্ৰ আয়োজন কৰে । বিদ্যালয় পৰিচালনা সমিতি সভাপতি সৰুকন কোঁৱৰ সভাপতিত্বত আৰম্ভ কৰা অনুষ্ঠানটো আত ধৰে চি আৰ চি চি উদ্ধব বৰদলৈয়ে । এই অনুষ্ঠান উপষ্ঠিত থাকে জিলা শিক্ষা আঁচনি বিষয়াদ্বয় লক্ষীনন্দন শইকীয়া , ৰাজেন গোস্বামী , বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী গিতাঞ্জলি বৰা , সাংবাদিক পুলিন কাকতি সহ বিদ্যালয় খনৰ সমুহ শিক্ষক-শিক্ষয়িত্ৰী , ছাত্ৰ-ছাত্ৰী লগতে অভিভাবক-অভিভাবিকা সকল । সভাত উপস্থিত থাকি জিলা শিক্ষা আঁচনি বিষয়াদ্বয়ে ছাত্ৰ-ছাত্ৰী গুণগত শিক্ষা মানদণ্ডৰ ওপৰত বক্তব্য ৰাখে । লগতে বিনামূলীয়া পাঠ্য-পুথি , সাজ-পাৰ আদি পৰা আৰম্ভ কৰি বিনামূলীয়া স্বাস্থ্য পৰীক্ষালৈ সকলো সুবিধা চৰকাৰে প্ৰদান কৰিছে । লগতে ছাত্ৰ-ছাত্ৰী সকলক ছাৰ বাইদেউ সকলে যি কয় , তাকে শুনিবলৈ অনুৰোধ জনায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here