অজানিতে হোৱা ভুলৰ আত্মশুদ্ধি কৰি ন উদ্যমেৰে আগুৱাব অগপঃ পবিত্ৰ ডেকা

5
162

অজানিতে হোৱা ভুলৰ আত্মশুদ্ধি কৰি ন উদ্যমেৰে আগুৱাব অগপঃ পবিত্ৰ ডেকা

দুৰ্নীতিৰ দৰ্পণ সেৱা , চিৰঞ্জীৱ কলিতা , প্ৰতিবেদক , চাংসাৰি , ১৪ অক্টোৱৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ কমলপুৰ সমষ্টিৰ অন্তৰ্গত সূতাৰগাওঁ‌ জনকল্যাণ সংঘত আজি দিনযোৰা কাৰ্যসূচীৰে উদযাপিত হয় অসম গণ পৰিষদৰ ৩৬ তম প্ৰতিষ্ঠা দিৱস । সমষ্টিটোৰ বিধান পৰিষদৰ সভাপতি নজিম আহমেদৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসটিৰ লগত সংগতি ৰাখি পতাকা উত্তোলন , স্মৃতি তৰ্পণ , বৃক্ষৰোপণ , সতীৰ্থ সন্মিলন কাৰ্যসূচী ৰূপায়ন কৰা হয় । উল্লেখ্য যে , অনুষ্ঠানটোৰ আঁ‌ত ধৰা তথা বিধান পৰিষদৰ সম্পাদক পবিত্ৰ ডেকাই কয় যে , অসম গণ পৰিষদে অজানিতে হোৱা নিজৰ ভুলৰ আত্মশুদ্ধিৰে ৰাইজক লগত লৈ ন উদ্যমেৰে আগুৱাই যাব , সেয়াই প্ৰতিষ্ঠা দিৱৰ সংকল্প । প্ৰায় পাঁ‌চ শতাধিক লোকৰ উপস্থিতিত উক্ত অনুষ্ঠানটোত কেবাজনো অগপ নেতাই অগপৰ অতীত , বৰ্তমান তথা ভবিষ্যতৰ অস্তিত্বকলৈ এক আলোকপাত আগবঢ়ায় ।

5 COMMENTS

  1. Hmm it appears like your blog ate my first comment (it was super long) so I guess I’ll just sum it up what I submitted and say, I’m thoroughly enjoying your blog. I as well am an aspiring blog writer but I’m still new to the whole thing. Do you have any tips for beginner blog writers? I’d genuinely appreciate it.

LEAVE A REPLY

Please enter your comment!
Please enter your name here