অটা ভৌকামাৰী ছোছিয়েল ৱেলফিয়াৰ ছোছাইটিৰ উদ্যোগত সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশ প্ৰশিক্ষণ

81
অটা ভৌকামাৰী ছোছিয়েল ৱেলফিয়াৰ ছোছাইটিৰ উদ্যোগত সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশ প্ৰশিক্ষণ
দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰপেটা , ২০ জানুৱাৰী ঃ বৰপেটা জিলাৰ সৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিৰ অটা ভৌকামাৰী ছোছিয়েল ৱেলফিয়াৰ ছোছাইটিৰ উদ্যোগত সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশ  ছয়দিনীয়া প্ৰশিক্ষণৰ আয়োজনেৰে আজি বনবাহাৰত প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে ৷ অটা ভৌকামাৰী ছোছিয়েল ৱেলফিয়াৰ ছোছাইটিৰ সভাপতি হাছেন আলী আহমেদৰ সভাপতিত্বত বনবাহাৰত প্ৰশিক্ষণৰ শুভ উদ্যোধন কৰে  বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ কুমাৰ দাস ৷ ৰাজীৱ কুমাৰ দাসে উদ্ধোধনী ভাষণত কয় , নাৰী সমাজ সচেতন হলেহে সমাজৰ উন্নতি হব ৷ জন্ম নিয়ন্ত্ৰণ , বাল্য বিবাহ বন্ধ কৰাৰ দায়িত্ব নাৰী সমাজে লব লাগিব ৷ প্ৰশিক্ষণৰ সময়ত সময়মতে উপস্থিত থাকি প্ৰশিক্ষণৰ বিষয় বস্তু সমূহ আয়ত্ব কৰি সমাজৰ দায়িত্ব লব লাগিব ৷ সভাত উপস্থিত থাকে অটা ভৌকামাৰী ছোছিয়েল ৱেলফিয়াৰ ছোছাইটিৰ মেনেজিং ডিৰেক্টৰ লাল মামুদ আলী , ছোছাইটিৰ সম্পাদক আব্দুৰ ৰেজ্জাক, একাউণ্টটেন্ট আয়নুল হক ৷ ভাৰত চৰকাৰৰ নই ৰোশনী আঁচনিৰ জৰিয়তে সংখ্যালঘু অঞ্চল সমূহত সমাজ তথা দেশ গঢ়াৰ সহায়ৰ বাবে এই কাৰ্যসুচী ভাৰত চৰকাৰৰ সংখ্যালঘু উন্নয়ন দপ্তৰ লোৱা বুলি জানিব পৰা গৈছে ৷ চৰকাৰৰ এই কাৰ্যত ভুয়সী প্ৰশংসা কৰে ৷
Total Page Visits: 27 - Today Page Visits: 1