অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত দক্ষিণ শালমাৰা মানকাচৰ জিলাত আছুৰ বিক্ষোভ

85

অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত দক্ষিণ শালমাৰা মানকাচৰ জিলাত আছুৰ বিক্ষোভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ,১৯ ফেব্ৰুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত আছুৰ তীব্ৰ প্ৰতিবাদ । ৰাজ্যত আকাশলংঘী মূল্যবৃ্দ্ধিৰ ফলত জৰুলা কৰিছে সৰ্বসাধাৰণ জনতাৰ । চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত গৈছে মূল্যবৃ্দ্ধিয়ে । শদিয়াৰ পৰা দক্ষিণ শালমাৰা মানকাচৰ জিলালৈ আছুৰ তীব্ৰ প্ৰতিবাদত কপি উঠিল অসম । অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো বস্তুৰ বজাৰত জুইছাই দাম । মানকাচৰত আছুৰ প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্য ফিৰোজ আল ফাৰুক খন্দকাৰ । ফিৰোজ আল ফাৰুক খন্দকাৰে অসম চৰকাৰক তীব্ৰ ভাষাত সমালোচনা কৰা পৰিলক্ষিত হয় । পেট্ৰল, ডিজেল,ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত গোটেই অসমৰ লগতে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ফকিৰগঞ্জ,দক্ষিণ শালমাৰা,হাজিৰহাট আদি প্ৰায় প্ৰতিখন ঠাইত ছাত্ৰ সন্থাই বিক্ষোভ প্ৰতিবাদ কৰি পৰিবেশ উত্তাল কৰি তোলে। দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে উক্ত বিক্ষোভ কাৰ্যসূচীত ভাগ লৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি অচিৰেই সৰ্ব সাধাৰণ ৰাইজৰ অত্যাৱশ্যকীয় সামগ্ৰীৰৰ মূল্যবৃদ্ধি ৰোধ নকৰিলে আগন্তুক দিনক ইয়াতকৈ আৰু অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

Total Page Visits: 17 - Today Page Visits: 1