অসমত শীঘ্ৰেই চলাচল হʼব বৈদ্যুতিক ৰেল, ৰঙিয়া ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক ভি এ মালেগাঙ্কাৰ

48
অসমত শীঘ্ৰেই চলাচল হʼব বৈদ্যুতিক ৰেল, ৰঙিয়া ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক ভি এ মালেগাঙ্কাৰ
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৰঙিয়া , ৪ ফেব্ৰুৱাৰীঃ উত্তৰ-পূৱ সীমান্ত ৰেলৱেই ৰেলযাত্ৰী সকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা । অহা মাৰ্চ মাহৰ শেষৰ পৰা অসমত আৰম্ভ হব বৈদ্যুতিক ৰেলৰ চলাচল । উল্লেখযোগ্য যে , শব্দ আৰু বায়ু প্ৰদুষণ মুক্ত বিদ্যুত সংযোগী ইঞ্জিনযুক্ত ৰেলেৰে যাতায়তৰ দ্বাৰা পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানলৈ যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে। ৰঙিয়া ৰেল ডিভিজনৰ অধিনস্থ ট্ৰেক সমূহত বৈদ্যুতিক ৰেল চলাচলৰ বাবে দিনে নিশাই বৈদ্যুতিকৰণৰ কামত নিয়োজিত হৈ আছে শশ কৰ্মী । কেন্দ্ৰীয় ৰেল মন্ত্ৰাণলয়ৰ নিৰ্দেশ মৰ্মে , অতিশীঘ্ৰেই বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ উঠিপৰি লাগিছে ৰেল বিভাগৰ কৰ্মচাৰীসকল । ৰঙিয়া সংমণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও-চাংসাৰী , নিউ বঙাইগাঁও-যোগীঘোপা ষ্টেচনৰ ওপৰেদি পাৰ হৈ অহা বৈদ্যুতিক তাৰত উচ্চক্ষমতা সম্পন্ন ২২ কে ভি ভল্টৰ বিদ্যুৎ সংযোগ কৰা হব বুলি জানিবলৈ দিয়ে ৰঙিয়া ৰেল সংমণ্ডলৰ মাণ্ডলিক প্ৰৱন্ধক ভি এ  মালেগাঙ্কাৰে । ২৪ ঘন্টাই সক্ৰিয় হৈ থকা এই বৈদ্যুতিক তাৰৰ ২ মিটাৰ ব্যসাৰ্দ্ধৰ ভিতৰত অকতৃত্বশীলভাৱে কাম কৰা, অনাধিকাৰ প্ৰবেশ কৰা, ষ্টেচনৰ বৈদ্যুতিক সা-সামগ্ৰী স্পৰ্শ কৰা আদিৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে ৰেল বিভাগে ।
Total Page Visits: 17 - Today Page Visits: 3