অসম চুক্তি ৰূপায়ন বিভাগৰ বিষয়াবৰ্গৰ লগত মুখ্যমন্ত্ৰীৰ বৈঠক

5
227
অসম চুক্তি ৰূপায়ন বিভাগৰ বিষয়াবৰ্গৰ লগত মুখ্যমন্ত্ৰীৰ বৈঠক
ষ্টাফ ৰিপʼৰ্টাৰ , গুৱাহাটী , ১৬ অক্টোৱৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীত অসম চুক্তি ৰূপায়ণ বিভাগৰ বিষয়াবৰ্গৰ সৈতে বিভাগটোৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। জ্যোতি চিত্ৰবনত এখন ৰাজ্যিক নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠা সম্পৰ্কে প্ৰস্তাৱনা , অহা ২০ অক্টোবৰত যোগীঘোপাত Multi Modal Logistic Parkৰ উদ্বোধন , শ্বহীদ পৰিয়ালৰ লোকৰ বাবে কৰ্মসংস্থাপন , গুলীবিদ্ধসকললৈ অনুদান আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বৈঠকত আলোচনা কৰা হয়। আগন্তুক শ্বহীদ দিৱস উপলক্ষে অহা ১০ ডিচেম্বৰত মুকলি কৰিবলৈ অসম চুক্তিৰ বিভিন্ন দফাৰ অধীনত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ এটি প্ৰতিবেদন , পুস্তিকা যুগুত কৰি উলিয়াবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । তদুপৰি , গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া ‘শ্বহীদ স্মাৰক আৰু উদ্যান’ৰ কামৰ অগ্ৰগতিৰ মুখ্যমন্ত্ৰীয়ে বুজ লয় । অহা ১০ ডিচেম্বৰত উক্ত স্মাৰক প্ৰকল্পৰ ভূমি পূজন সম্পন্ন কৰা হ’ব । ভাৰতৰ সৰ্ববৃহৎ ছাত্ৰ আন্দোলনৰ অন্যতম হিচাপে ঐতিহাসিক অসম আন্দোলনৰ বিষয়ে বহু খণ্ডৰ বিশেষ গ্ৰন্থ প্ৰকাশ কৰাৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় । গ্ৰন্থখনৰ প্ৰথম খণ্ড অহা ১০ ডিচেম্বৰতে শুভ উন্মোচন কৰা হ’ব ।

5 COMMENTS

  1. Currently it looks like Expression Engine is the best blogging platform available right now. (from what I’ve read) Is that what you are using on your blog?

LEAVE A REPLY

Please enter your comment!
Please enter your name here