অসম জাতীয় পৰিষদে কঁপাইছে মুখ্যমন্ত্ৰীৰ চহৰ

57

অসম জাতীয় পৰিষদে কঁপাইছে মুখ্যমন্ত্ৰীৰ চহৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা, ৰশ্মিৰেখা সাউদ কলিতা,ডিব্ৰুগড়,২৫ জানুৱাৰী: নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে ডিব্ৰুগড়ত ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে। শাসক-বিৰোধীৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ গৃহ চহৰত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে । ডিব্ৰুগড় পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ডে ৱাৰ্ডে গঠন কৰিছে অসম জাতীয় পৰিষদৰ ৱাৰ্ড সমিতি । ইয়াৰ মাজতে শুক্ৰবাৰে ডিব্ৰুগড় পৌৰসভাৰ ৭ নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ এখন সভা অনুষ্ঠিত হয় । প্ৰায় শতাধিক পুৰুষ মহিলাৰ উপস্থিতিত পৰিষদৰ ৭ নং ৱাৰ্ড সমিতিখন গঠন কৰা হয় । সভাত পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি বীৰেন বৰুৱাৰ লগতে ভালেকেইগৰাকী নেতা উপস্থিত থাকে । ডিব্ৰুগড় পৌৰসভাৰ ৱাৰ্ডে ৱাৰ্ডে সাংগঠনিক তৎপৰতা অব্যাহত ৰখাৰ সময়তে শুক্ৰবাৰে পুনৰ ১৮, ১৯ আৰু ২০ নং ৱাৰ্ডত অসম জাতীয় পৰিষদে অনুষ্ঠিত কৰিলে দলীয় সভা । ডিব্ৰুগড় পৌৰসভাৰ অন্তৰ্গত ১৮, ১৯ আৰু ২০ নং ৱাৰ্ডত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ সভাত ১৯ নং ৱাৰ্ডৰ ৱাৰ্ড সমিতিখন গঠন কৰাৰ বিপৰীতে ১৮ আৰু ২০ নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ আহ্বায়ক সমিতিখন গঠন কৰা হয়। অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন নাৰী শক্তিৰ ৰাজ্যিক আহ্বায়িকা প্ৰীতাঞ্জলী মেধি শৰ্মাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই সভাত নাৰী শক্তিৰ ৰাজ্যিক আহ্বায়িকা ডেইজী য়েইন লহকৰকে ধৰি ভালেকেইগৰাকী নেতা উপস্থিত থাকে। অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ড০ দিলীপ কুমাৰ ভূঞাৰ সভাপতিত্বত লাচিত নগৰতো অনুষ্ঠিত হোৱা সভাত ৫০ গৰাকী পুৰুষ-মহিলাই যোগদান কৰে পৰিষদত। আনহাতে অসম জাতীয় পৰিষদৰ নাৰী শক্তিৰ জিলা আহ্বায়িকা লুকুমনি বৰাৰ তত্বাৱধনাত অনুষ্ঠিত হোৱা এই সভাত ডিব্ৰুগড় পৌৰসভাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ হৰেন চুতীয়া সভাপতি, মামনি কলিতা বিশ্বাস, মামনি বুঢ়াগোহাই, উমি খাকলাৰী, সুবল ঘোষ, মিনতি দে’ক উপ-সভানেত্ৰী, মিতালী বুঢ়াগোহাই, যুটীয়া সম্পাদিকা পূৰ্নিমা দে’, মৌচুমী গগৈ, জুনুমনি গগৈক সম্পাদকিা, স্বৰ্ণ গগৈ, ৰুমী পাল, পূৰ্নিমা গগৈক তথ্য প্ৰচাৰ সম্পাদিকা, জ্যোতি পাণ্ডে, মুন পাণ্ডে, মঞ্জুলা দাস, ৰীতামনি গগৈ, বিজু শৰ্মা, ৰাজমতী পাণ্ডে, মঞ্জু গগৈক সাংগঠনিক সম্পাদক হিচাপে লৈ ৪ নং ৱাৰ্ড সমিতিখন গঠন কৰা হয়। সভাত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি বীৰেন বৰুৱা, নাৰী শক্তিৰ ৰাজ্যিক আহ্বায়িকা ডেইজী য়েইন লহকৰ, প্ৰীতাঞ্জলি মেধি, প্ৰিয়া টায়ে আদিকে ধৰি ভালেকেইগৰাকী নেতা উপস্থিত থাকে।

Total Page Visits: 14 - Today Page Visits: 1