অসম-বংগ সীমান্তত সক্ৰিয় অবৈধ গৰু-মহৰ ছিণ্ডিকেট চক্ৰ , গ্ৰাহামপুৰত ২০টা বহি:ৰাজ্যৰ মহ আটক
দুৰ্নীতিৰ দৰ্পণ সেৱা, ৰুহুল আমিন সেখ , তামাৰহাট , ২০ জানুৱাৰী : কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত গ্ৰাহামপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে আজি পুৱতি নিশা বাংলাদেশ অভিমুখে লৈ যোৱাৰ পথত আৰক্ষী চকী খনৰ অন্তৰ্গত দুই নং ফাইলাগুৰি গাঁৱৰ পৰা ২০ টা উন্নত জাতৰ মহ আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে , অসম-বংগ সীমান্তত সক্ৰিয়হৈ থকা অবৈধ গৰু-মহৰ ছিণ্ডিকেট চক্ৰ এটাই বহুত দিনৰ পৰাই বহি: ৰাজ্য বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ , হাৰিয়ানা মধ্য প্ৰদেশ ,সোনপুৰ, পাঞ্জাৱ আদি ৰাজ্যৰ পৰা উন্নত জাতৰ গৰু-মহ আনি অসম-বংগ সীমান্তৰ সোণকোষ নদী পাৰহৈ কোকৰাঝাৰ জিলাৰ মাজেদি বাংলাদেশলৈ চালানদি ৰমৰমীয়া ব্যাৱসায় চলাই আছে । বহি: ৰাজ্যৰ পৰা অবৈধ ভাবে অনা গৰু-মহবোৰ প্ৰথমতে ছিণ্ডিকেট চক্ৰটোৱে কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৰ অতি ভিতৰুৱা অঞ্চলত জমা কৰি ৰাখে। পিছত ছিণ্ডিকেট চক্ৰটোয়ে উক্ত গৰু-মহবোৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন পথেৰে লৈ গৈ বিটিচিৰ পৰ্ব্বতঝো’ৰা বনাঞ্চলৰ মাজেৰে নিৰাপদে গৰু-মহবোৰ বাংলাদেশলৈ চালান দিয়ে। এনেকৈয়ে অসম-বংগ সীমান্তৰ অতি ভিতৰুৱা অঞ্চলটোত গড়ি উঠিছে অবৈধ গৰু-মহ’ৰ এক বৃহৎ ছিণ্ডিকেট। অন্যান্য দিনবোৰৰ দৰে যোৱা নিশাও উক্ত অবৈধ গৰু-মহ’ৰ ছিণ্ডিকেট চক্ৰটোৱে ২০ টা উন্নত মূৰা জাতৰ মহ গ্ৰাহামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলৰ এটা পথেদি বাংলাদেশ অভিমুখে লৈ গৈ আছিল । উক্ত খবৰ লাভ কৰি গ্ৰাহামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দ্ৰধৰ উজিৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে উক্ত মহ ২০টা আটক কৰি আৰক্ষী চকীলৈ লৈ যায় । জব্দ কৃত মহ কেইটাৰ মূল্য প্ৰায় ১৪/১৫ লাখ টকা হব বুলি আৰক্ষীয়ে জনাইছে ।
অসম-বংগ সীমান্তত সক্ৰিয় অবৈধ গৰু-মহৰ ছিণ্ডিকেট চক্ৰ , গ্ৰাহামপুৰত ২০টা বহি:ৰাজ্যৰ মহ আটক
Total Page Visits: 19 - Today Page Visits: 2