আছুৰ মূখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ লগত আছুৰ কোনো সংঘাট নাই,তেখেত আছুৰ সন্মানীয় আখনত আছে : মৰিগাঁৱত আছুৰ সভাপতি দিপাংকৰ নাথ

0
117
আছুৰ মূখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ লগত আছুৰ কোনো সংঘাট নাই,তেখেত আছুৰ সন্মানীয় আখনত আছে : মৰিগাঁৱত আছুৰ সভাপতি দিপাংকৰ নাথ
ষ্টাফ ৰিপৰ্টাৰ ,মৰিগাঁও , ১৫ অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ লগত আছুৰ সভাপতি দিপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈৰ কোনো সংঘাট নাই। ড০ ভট্টাচাৰ্যৰ লগত আছুৰ কোনো কাৰণতে সংঘাট থাকিবই নোৱাৰে। আজি মৰিগাঁৱত এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংকৰ নাথে । আজি বিয়লি ভাগত আছুৰ সভাপতি গৰাকীয়ে মৰিগাঁৱত উপস্থিত হৈ আছুৰ মূখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে- ড০ ভট্টাচাৰ্যক আছুৰ সংবিধানত নথকাকৈ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি এটা সন্মানজনক পদত তেখেতক আছুৰ মজিয়াত অলংকৃত কৰা হৈছিল । তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ সকলোৱে শ্ৰদ্ধাৰ লগতে সন্মানীয় ব্যক্তি । তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে ঘৰতে চিকিৎসা লৈ জিৰণি লৈ আছে বাবে ৰাজহুৱা স্থানত দেখা পোৱা নাই বুলি আছুৰ কেন্দ্ৰীয় সভাপতি দিপাংকৰ নাথে মন্তব্য প্ৰকাশ কৰে । ৰাজনীতিলৈ আছুৰ সভাপতি গৰাকী যোৱা নোযোৱা সন্দৰ্ভত সাংবাদিকে সুধা প্ৰশ্নৰ উত্তৰত সভাপতি গৰাকীয়ে কয় যে- আছুৰ অধিৱেশনৰ পিছত হে এই সন্দৰ্ভত সিধান্ত গ্ৰহণ কৰা হ’ব । ৰাজ্যচৰকাৰে সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ কৰা সিদ্ধান্তত তীব্ৰ বিৰোধিতা কৰি সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়- ৰাজ্য চৰকাৰৰ এই সিধান্ত মানি লোৱা হব । সংস্কৃত টোল আৰু মাদ্ৰাছা কোনো কাৰণতে বন্ধ হ’ব নোৱাৰে । আজি মৰিগাঁৱত সাংবাদিকৰে হোৱা এই সাক্ষাৎ কালত সভাপতি লগত সংগ দিয়ে মৰিগাঁও আছুৰ নেতৃত্বই ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here