আলমগঞ্জ ৰঙা মাটি মহাবিদ্যালয়ৰ অধ্যক্ষ মফিজুৰ ৰহমানৰ মৃত্যু 

1
150
আলমগঞ্জ ৰঙা মাটি মহাবিদ্যালয়ৰ অধ্যক্ষ মফিজুৰ ৰহমানৰ মৃত্যু
আলমগঞ্জৰ পৰা ইমৰান হুছেইন সেখ , দুৰ্নীতিৰ দৰ্পণ , ১৭ অক্টোবৰঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ ৰঙা মাটি মহাবিদ্যালয়ৰ অধ্যক্ষ মফিজুৰ ৰহমানৰ মৃত্যু । পৰিয়ালত শোকৰ ছাঁ পেলাইছে । প্ৰাপ্ত বাতৰি মতে, আলমগঞ্জ ৰঙা মাটি মহাবিদ্যালয়ৰ অধ্যক্ষ মফিজুৰ ৰহমানে কিছু দিন ধৰি মধুমেহ আৰু শ্বাস প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ অৱশেষত ১৬ অক্টোবৰ দিনৰ ৯-৫৫ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে , ১৯৯৬ চনত মহাবিদ্যালয় খনত যোগদান কৰি ২০০৬ চনৰ পৰা অধ্যক্ষৰ দ্বায়িত্ব পালন কৰি আহিছিল যদিও মাত্র ৫১ বছৰ বয়সত ইহসংসাৰ ত্যাগ কৰাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে। উক্ত অধ্যক্ষ জনৰ মৃত্যুৰ পাছত এজন পুত্ৰ এগৰাকী কন্যা সন্তান আৰু পত্নীৰ লগতে বহুতো আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায় । আজি দিনৰ ৯-৩০ মান বজাত আলমগঞ্জ ৰঙা মাটি মহাবিদ্যালয়ৰ খেলপথাৰত অধ্যক্ষ জনৰ জানাজাৰ নামাজ সম্পন্ন কৰে । উক্ত জানাজাত প্ৰায় চাৰি হেজাৰোধিক ৰাইজৰ সমাগম ঘটে । অধ্যক্ষ জনৰ স্বভাৱ চৰিত্ৰত মুগ্ধ হৈ জানাজাৰ নামাজৰ প্ৰাকমূৰ্হুতত উপস্থিত ৰাইজৰ মাজত কান্দোনৰ ৰল উঠা পৰিলক্ষিত হয় ।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here