ইটাখোলাত ২৮২ গৰাকী ভূমিহীন খিলঞ্জীয়াক ভূমি আবন্টন বিধায়ক পদ্ম হাজৰিকাৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২১ ফেব্ৰুৱাৰীঃ অবিভক্ত শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত ইটাখোলাস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ ভৱন প্ৰাংগনত অনুষ্ঠিত এক সভাত শুক্ৰবাৰে নদুৱাৰ চক্ৰৰ অধীনৰ ভূমিহীন খিলঞ্জীয়া লোকৰ মাজত সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই নিজ হাতেৰে ভূমি পট্টা বিতৰণ কৰে । চক্ৰটোৰ অধীনৰ ২৮২ গৰাকী ভূমিহীন লোকৰ মাজত ভূমি আৱণ্টন পত্ৰ আৰু ৪৭ জন ভূমিহীন লোকৰ মাজত ম্যাদি পট্টা বিতৰণ কৰি বিধায়ক গৰাকীয়ে কয় যে আজি সমষ্টিটোৰ ভূমি আৱণ্টন পত্ৰ আৰু ম্যাদি পটা লাভ কৰা ভূমিহীন লোক সকলৰ উপৰিও যি সকল খিলঞ্জীয়া ভূমিহীন সমষ্টিটোত বাকী থাকি গ’ল তেওঁলোকেও অতি সোনকালেই পট্ৰা লাভ কৰিব । বিজেপিৰ স্থানীয় যুব নেতা তথা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই আঁত ধৰা ভূমি পট্টা বিতৰণ সভা খনিত নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদীপ কাকতী ,অৱসৰ প্ৰাপ্ত কানুনগো ৰঞ্জিত দাসকে প্ৰমূখ্য কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।
ইটাখোলাত ২৮২ গৰাকী ভূমিহীন খিলঞ্জীয়াক ভূমি আবন্টন বিধায়ক পদ্ম হাজৰিকাৰ
Total Page Visits: 21 - Today Page Visits: 3