কংগ্ৰেছক ক্ষুৰধাৰ সমালেচনাৰে পাঠশালাত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাৰ সংবাদমেল

38

কংগ্ৰেছক ক্ষুৰধাৰ সমালেচনাৰে পাঠশালাত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাৰ সংবাদমেল

দুৰ্নীতিৰ দৰ্পণ সেৱা , বজালী , ২০ ফেব্ৰুৱাৰী : কংগ্ৰেছৰ অসম বচাওক অভিযানৰ কৰাৰ কোনো নৈতিক অধিকাৰ নাই।কাৰণ কংগ্ৰেছৰ কাৰ্যকালত তেওঁলোকে ৰাইজৰ উন্নয়নলৈ পিঠি দি কেৱল দুৰ্ণীতিহে কৰিলে ৷ এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাৰ ৷ আজি পাঠশালাৰ ময়ুৰ হোটেলত এক সংবাদ মেলৰ আয়োজন কৰি কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে , কংগ্ৰেছে কোনো ধৰণৰ তথ্য সমৃদ্ধ কথা নকৈ কেৱল বতাহত কথা কৈ ফুৰে ৷ অসমত কংগ্ৰেছৰ কাৰ্যকালত সংঘটিত ব্যাপক দুৰ্নীতি সম্পৰ্কত সৰৱ হৈ মনোজ বৰুৱাই বিজেপিৰ বিভিন্ন উন্নয়নমূলক কামৰ কথা ব্যাখ্যা কৰি কয় যে , কংগ্ৰেছ দলে তেওঁলোকৰ শাসনকালত ভুৱা জব কাৰ্ডৰ নামত ৪ লাখ একাউণ্টত ৰাজহুৱা ধনৰ ব্যাপক লুণ্ঠন,খাদ্য আৰু অসামৰিক যোগান বিভাগত ৩৬ হাজাৰ ভুৱা ৰেচন কাৰ্ড সৃষ্টি কৰা হৈছিল , যিবোৰ বিজেপিৰ দিনত কৰ্তন কৰা হয় ৷ ইয়াৰোপৰি কংগ্ৰেছৰ কৰ্যকালত বড়োভূমি,ডিমা হাচাও, কাৰ্বি, কুকি আদি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰি ৰাজ্যখন অস্থিৰ কৰি তোলা হৈছিল ৷ কিন্তু বিজেপি চৰকাৰৰ বিগত ৫ টা বছৰৰ কাৰ্যকালত অসমত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই ৷ আজি সমগ্ৰ অসমতে বিজেপিয়ে শান্তিৰ বাতাবৰণ ঘূৰাই আনিছে ৷ বিজেপিৰ জনকল্যাণমূলক কামৰ উদাহৰণ দি বৰুৱাই কয় যে , যোৱা মাত্ৰ পাঁচটা বছৰত বিজেপিয়ে ১৯০০০ পকী পথ , ৯০০ তকৈও অধিক পকী দলং, ৮ খনকৈ চিকিৎসা মহাবিদ্যালয়, সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান, মুদ্ৰা যোজনাৰ জৰিয়তে ১০ লাখতকৈও অধিক যুৱকক আত্মসংস্থাপনৰ ব্যৱস্থা , দুই লক্ষাধিক মহিলাৰ আত্মসহায়ক গোটৰ জৰিস়তে ১৯০০ কোটি টকাৰ ব্যৱসায় , সত্ৰ-নামঘৰ , অসম সাহিত্য সভা, বড়ো সাহিত্য সভা আদি সৰ্বদিশতে আৰ্থিক অনুদান আগবঢ়াই ৰাজ্যখনৰ সৰ্বস্তৰৰ উন্নয়ন কৰি আহিছে ৷ ইয়াৰ বিপৰীতে ১৫ বছৰীয়া কাৰ্যকালত দুৰ্নীতিৰে অসমক ধ্বংসপ্ৰায় অৱস্থালৈ লৈ যোৱা কংগ্ৰেছৰ পৰা অসমক বচোৱাৰ আহ্বান জনাই বিজেপিৰ ৰাজ্যিক মুখপত্ৰ মনোজ বৰুৱাই কটাক্ষ কৰে ৷ তেওঁ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলাই অসম ভ্ৰমণ কৰি মিচাৰ আশ্ৰয় লৈ বিভ্ৰান্তমূলক কথা বিজেপিক সমালোচনা কৰা বুলি তেওঁক আক্ৰমণ কৰি কয় যে , যদিহে বিজেপিয়ে চিণ্ডিকেট চলোৱাৰ তথ্য আছে , সেয়া যোগান ধৰিবলৈ দাবী জনায় ৷ সংবাদ মেলখনত বিজেপিৰ নেত্ৰী প্ৰভা দাস , নিপন ডেকা , প্ৰশান্ত বৰ্মন আৰু সুৰজিৎ পাটগিৰি সমন্বিতে লোকসকল উপস্থিত থাকে ।

Total Page Visits: 25 - Today Page Visits: 4