কংগ্ৰেছ দলৰ অসম বচাওঁ আহক শীৰ্ষক কাৰ্য্যসূচী শুভাৰম্ভ:জীতেন্দ সিঙৰ

61

বিজেপি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে বটদ্ৰৱাত সদলবলে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং , কংগ্ৰেছ দলৰ অসম বচাওঁ আহক শীৰ্ষক কাৰ্য্যসূচী শুভাৰম্ভ:জীতেন্দ সিঙৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা,ইমামুল ইছলাম, ডুমডুমীয়া,১২ ফেব্ৰুৱাৰী : বিজেপি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ইতিমধ্যে মহাজোঁট বন্ধনেৰে শাসনাধিস্থ চৰকাৰক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ লগতে মহাজোটৰ নেতৃত্বই। আজিৰে পৰা বটদ্ৰৱা থানত গুৰুজনাক সেৱা আগবঢ়াই অসম বচাও আহক কাৰ্যসূচীৰ আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, নগাঁও লোক সভাৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু লোক সভাৰ বিৰোধী উপ দলপতি গৌৰৱ গগৈয়ে,অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,বটদ্ৰৱাৰ প্ৰতাহি শিবামণি বৰা,প্ৰাক্তন মন্ত্ৰী গৌতম বৰা । ইতিমধ্যে মিত্ৰজোঁটৰ পৰা এ আই ইউ ডি এফৰ বটদ্ৰৱা সমষ্টি নিজৰ দখলত নিয়াৰ পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়ত দলীয় কৰ্মকর্তাৰে সদলবলে কেন্দ্ৰীয় নেতৃত্বৰ আগত এক প্ৰকাৰ শক্তি প্ৰদৰ্শন দেখা গল সমষ্টিৰ কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থীত্ব প্ৰত্যাহি গৌতম বৰা,আৰু শিবামণি বৰা। অসমৰ কলা কৃষ্টি সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত সেৱা জনায় আৰম্ভ কৰে অসম বচাও আহক কাৰ্যসূচী শুভাৰম্ভ কৰে। “অসম বচাও আহক”শীৰ্ষক শুভাৰম্ভ কৰি জিতেন্দ সিঙে কয় যে,জগত গুৰু শংকৰদেৱৰ জন্ম স্থান তথা অসমৰ পুণ্য ভূমি বটদ্ৰৱাৰ পৰা আৰম্ভ কৰা এই যাত্ৰা অসমৰ জনতাৰ যাত্ৰা,এই যাত্রা গৰিবৰ যাত্রা,নিবনুৱাৰ যাত্ৰা,বয়জষ্ট্ৰ পুৰুষ মহিলাৰ যাত্ৰা,লৰা ছোৱালীৰ যাত্ৰা যি স্কুলৰ ভিতৰত শিক্ষক নোহোৱাৰ যাত্ৰা,পেঞ্চন, চাকৰি নথকা, আৰু অত্যাচাৰী শাসনৰ বিৰুদ্ধে যাত্ৰা।এই যাত্ৰাৰ দ্বাৰা বিজেপি চৰকাৰৰ আচল চৰিত্ৰ জনতাৰ মাজলৈ লৈ আহিব।”অসম বচাও আহক” কাৰ্যসূচী শুভাৰম্ভ হোৱাৰ পিছত বটদ্ৰৱাৰ শান্তিজানত অনুষ্ঠিত সভাত অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰাই কয় যে,কংগ্ৰেছৰ বেনাৰত এই যাত্রা আৰম্ভ হৈছে যদিও প্ৰাকৃতিত এই যাত্রা সমগ্ৰ অসমবাসীৰ যাত্ৰা।অসমক বচাব লাগে বিজেপিয়ে জাতি,মাটি,ভেঁটি শ্লোগান দি ভোট লৈ পাঁচ বছৰত জাতি, মাটি,ভেঁটি সম্পূৰ্ণ বিপন্ন কৰি পেলালে।এতিয়া তাৰ পৰা অসমক ৰক্ষা কৰিব লাগে আৰু সেই কাৰণে আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ।উল্লেখ য়ে,সমগ্ৰ অসমত সজাগতা সৃষ্টি কৰি অন্ত পৰিব ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত। বাইক,গাড়ীৰে চাইকেলৰে চলিব এই যাত্ৰা।

Total Page Visits: 21 - Today Page Visits: 1