কলিয়াবৰত অসম চাহনিগমৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

88

কলিয়াবৰত অসম চাহনিগমৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰিদিপ শৰ্মা,কলিয়াবৰ, ৯ ফেব্ৰুৱাৰী: ১৯৭২ চনত প্ৰতিষ্ঠা হোৱা অসম চাহ নিগমে মঙলবাৰে উদযাপন কৰে ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস।কলিয়াবৰৰ আমলখী চাহ বাগিছাত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে এই অনুষ্ঠান। ঝুমুৰ-বিহুৰ নৃত্যৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰে মুখৰিত হৈ পৰে আমলখী চাহ বাগিছা । ৰাতিপূৱাৰ ভাগত চাহ পুলি ৰোপণৰ লগতে পতাকা উত্তোলন ,স্মৃতি তৰ্পণ অনুষ্ঠান আৰু বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ পিছতেই বিয়লি ২মান বজাত অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰাৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয়।মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিতি থাকে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু লগতে উপস্থিত থাকে অসম চাহ নিগমৰ পৰিচালন সঞ্চালিকা ৰাণী কাথাৰপী।উক্ত সভাত অসম চাহ নিগমৰ অধীনৰ ১৫ খন চাহ বাগিচাৰ অধিক শ্ৰমদান দিয়া ১৫ গৰাকী মহিলা শ্ৰমিকক সম্বৰ্ধনা পত্ৰৰ লগতে ৫০০ টকাকৈ চেক প্ৰদান কৰাৰ পিছত মন্ত্ৰী কেশৱ মহন্তই “সেউজ সোপান” নামৰ এখনি আলোচনী উন্মোচন কৰে । আনহাতে , চাহ বাগিচা অঞ্চল সমূহলৈ বিজেপি চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনি সমূহে বাগিচাৰ কৰ্মী তথা ৰাইজক অধিক উপকৃত কৰিছে বুলিও মত ব্যক্ত কৰে অসম চাহ নিগমৰ বিষয় ববীয়া সীমাঞ্চল দিগালে। ইয়াৰে বিভিন্ন জিলাৰ চাহ বাগিচা অঞ্চলত আদর্শ বিদ্যালয় তথা চিকিৎসালয় নিৰ্মাণৰ কাম বৰ্তমানলৈকে চলি আছে বুলি অৱগত কৰে। এনে সমূহ কামৰ দ্বাৰা বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ যথেষ্ট উপকৃত হব বুলি ভাষণ প্ৰদান কৰে। অসম চৰকাৰৰ উন্নয়ন মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী , বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰচেষ্টাত অধিক লোকচানৰ ফলত মৃতপ্ৰাই হবলৈ ধৰা অসম চাহ নিগমে বৰ্তমান সময়ত কিছু লাভৰ দিশে গতি লাভ কৰি অসম চাহ নিগম পুনৰ ঠন ধৰি উঠিছে বুলি অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰাই সভাত মত পোষণ কৰে। লগতে চৰকাৰৰ বহুমুখী আঁচনি সমূহে দৰিদ্ৰ ৰাইজৰ লগতে চাহ বাগিচা অঞ্চল সমূহত অধিক সহায়ক হোৱা বুলিও ভাষণ প্ৰদান কৰে। সভাত অসম চাহ নিগমৰ অধীনৰ ১৫ খন চাহ বাগিচাৰ সহস্ৰাধীক ৰাইজ উপস্থিত থাকে।

Total Page Visits: 22 - Today Page Visits: 3