কহুবা বনৰ এমুঠি শব্দৰ কবি নুৰ হুছেইন লৈ বিশেষ সম্বৰ্দ্ধনা

23

কহুবা বনৰ এমুঠি শব্দৰ কবি নুৰ হুছেইন লৈ বিশেষ সম্বৰ্দ্ধনা
দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথ , ২১ ফেব্ৰুৱাৰীঃ বিশ্বনাথ জিলাৰ কোমোৰাকাটি চৰ অঞ্চলৰ প্ৰতিভাদীপ্ত এগৰাকী উদীয়মান কবি আৰু সাহিত্য সেৱী । আজি ২১ ফেব্ৰুৱাৰী ২০২১ তাৰিখে সংবাদ প্ৰহৰী (ৱেব পৰ্টেল)ৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত বিশেষভাবে সম্বৰ্দ্ধনা জনোৱা হয় । ১৯৮৮ চনত জন্ম গ্ৰহণ কৰা হুছেইনে গণিত বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু এম আৰ এ ছিনিয়ৰ মাদ্ৰাছাৰ জনপ্ৰিয় বিজ্ঞান শিক্ষক । বিশ্বনাথ জিলা সাহিত্য সভাৰ চৰ চাপৰি ভাষা বিকাশ উপ সমিতিৰ প্ৰাক্তন আহ্বায়ক হুছেইনে শৈশৱৰ পৰাই অসমীয়া সাহিত্য সেৱী । অসমৰ বিভিন্ন দৈনিক সংবাদ পত্ৰ , আলোচনী আদিত তেওঁৰ লিখনি প্ৰকাশ হৈছে । বিশ্বনাথৰ বিভিন্ন সামাজিক অনুষ্ঠান সৈতে জড়িত হুছেইনৰ কবিতাসমুহত চৰ চাপৰিৰ জনজীৱনৰ চিত্ৰকল্প , প্ৰতীক , উপমাই অনতিক্ৰম্য উপাদান । তেওঁৰ প্ৰথম স্বৰচিত কবিতা পুথি কহুবা বনৰ এমুঠি শব্দ । বিশ্বনাথ কেইবাটাও অনুষ্ঠান স্মৃতিগ্ৰন্থ সম্পদনা কৰিছে ।

তেওঁ উত্তৰ অসম মাদ্ৰাছা পৰীক্ষা পৰিষদৰ সচিব , বিশ্বনাথ জিলা মাদ্ৰাছা শিক্ষক সন্থা আৰু উত্তৰ পূৱ ভাৰত এমাৰতে শ্বৰীয়াহ ও নদুৱাতুত তামিৰৰ বিশ্বনাথ জিলা যুৱ সমিতিৰ সম্পাদক । অসম জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ কোমোৰাকাটি চৰ চাপৰি শাখা সাহিত্য সভাৰো সম্পাদক ।

Total Page Visits: 20 - Today Page Visits: 2